সংঘৰ্ষৰ পাছতে ভস্মীভূত ছুইফ্ট ডিজায়াৰ-এল্ট’ বাহন, অগ্নিদগ্ধ হৈ মৃত্যু এল্ট’ চালকৰ

নিউজ ডেস্ক। ৰাজ্যিক ঘাইপথত ভয়ংকৰ সংঘৰ্ষত ছুইফ্ট ডিজায়াৰ আৰু এল্ট’ বাহনৰ।

সংঘৰ্ষৰ পাছতে জ্বলি ভস্মীভূত দুয়ােখন বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এল্ট’ বাহনৰ চালকজনৰ।

মাজনিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত বাখলগাঁৱৰ ৰাজ্যিক ঘাইপথত।

এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় চাৰিজন লোক।

বঙাইগাঁও-উত্তৰ শালমাৰা সংযোগী ৰাজ্যিক পথছোৱাত থকা এটা কেঁকুৰিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

জানিব পৰা মতে, এ এছ ০১ জে চি ০৪২১ নম্বৰৰ এখন অল্ট’ আৰু এম এল ০৮ জি ৯৫৮৬ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহন দুর্ঘটনাত পতিত হয়।

ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও ব্যর্থ হয়।

নয়ন পাঠক

স্থানীয় লােকৰ তৎপৰতাত ছুইফ্ট ডিজায়াৰ বাহনখনত থকা আৰোহী চাৰিজনক উক্ত পথেৰে যোৱা আন লোকৰ সহায়ত উদ্ধাৰ কৰি ১০৮ সেৱাযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

এল্ট’খনত থকা চালকজনকো স্থানীয় লোকসকলে উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰিছিল যদিও বাহনখনৰ দুৱাৰ ভিতৰৰ পৰা লক কৰি থোৱাত চালকজনক উদ্ধাৰ কৰিবলৈ সমৰ্থ নহ’ল।

এল্ট’খনৰ চালকজনৰ গাড়ীত ভিতৰতে অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যু হয়।

নিহত লোকজনক বঙাইগাঁও থানাৰ অন্তৰ্গত খোলাবান্ধাৰ প্রহ্লাদ পাঠকৰ পুত্ৰ নয়ন পাঠক (২৮) বুলি চিনাক্ত কৰা হয়।

ইফালে, ঘটনাস্থলীত আৰক্ষীও উপস্থিত হৈ অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনির্বাহক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপিত কৰে।

আহতকেইজনক কার্তিক কোচ (২৭), মনোজ কোচ (৩২), ৰাজেশ গাম (৩৫) আৰু দিবাকৰ শ্বাহ (৩৬) বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আটাইকেইজনৰে ঘৰ মেঘালয়ৰ গাৰোপাহাৰত। বঙাইগাঁৱৰ এটা বিবাহ অনুষ্ঠানৰ পৰা তেওঁলোক ঘৰলৈ গৈ আছিল।

Leave a Comment