সঞ্জীৱ, ধনজিতেই নহয়, আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছিল প্ৰাক্তন ছাত্ৰনেতা বিজু গগৈকো

নিউজ ডেস্কঃ এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন।

নিষিদ্ধ ঘোষিত সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপ আৰু অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱাৰ প্ৰৱণতাই উদ্বিগ্ন কৰি ৰাখিছে সকলোকে।

তাৰ মাজতে পোহৰলৈ আহিছে আলফা স্বাধীনক লৈ আন এক বিস্ফোৰক খবৰ।

শেহতীয়াকৈ তিনিচুকীয়াৰ জাগুনৰ টিংকুপানী বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰ সন্তোষ লামা ওৰফে আপা অসমে দিছে এই বিস্ফোৰক তথ্য।

সন্তোষ লামা ওৰফে আপা অসম

ধৃত কেডাৰজনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি, কেৱল ধনজিত আৰু সঞ্জীৱকে নহয়, ইয়াৰ পূৰ্বে আন এজন অসমীয়া যুৱককো গুলীয়াই হত্যা কৰিছিল আলফা স্বাধীনে।

উল্লেখ্য যে, ৰাজ্যজুৰি তীব্ৰতৰ হৈ পৰা ‘কা’ আন্দোলনৰ সময়তে আলফা স্বাধীনত যোগ দিছিল তিনিচুকীয়া জিলাৰ পেঙেৰীৰ এজন অসমীয়া যুৱকে।

পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈয়ে ‘কা’ আন্দোলনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত আবেগৰ বশৱৰ্তী হৈ যোগ দিছিল আলফা স্বাধীনত।

বিজু গগৈ ওৰফে ভাগ্য অসম

কিন্তু পৰৱৰ্তী সময়ত যুৱকজনে নিজৰ ভুল উপলব্ধি কৰি আলফাৰ শিৱিৰৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আলফা স্বাধীনে গুলীয়াই হত্যা কৰা বুলি বিস্ফোৰক মন্তব্য কৰে ধৃত কেডাৰ সন্তোষ লামাই।

উল্লেখ্য যে, আলফা স্বাধীনে এতিয়ালৈকে ২৪ জন যুৱকক আলফা শিৱিৰত মৃত্যুদণ্ড বিহা বুলি তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে।

শেহতীয়াকৈ অসম আৰক্ষীৰ গুপ্তচৰৰ অভিযোগত পৰেশপন্থী আলফাই মৃত্যুদণ্ড বিহিছিল বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মা আৰু বৰপেটাৰ ধনজিৎ দাস নামৰ যুৱৰ দুজনক।

Leave a Comment