সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ

ঘৰত লখিমীয়ে জন্মলাভ কৰিছিল। উখল মাখল হৈ পৰিছিল পৰিয়ালৰ প্ৰতিজন সদস্যৰে মনত। ঘৰৰ বাহিৰত থকা পিতৃৰ মন উদগ্ৰীৱ হৈ পৰিছিল নিজৰ সন্তানটিৰ মুখখন এবাৰ চাবলৈ।

কিন্তু নিয়তিয়ে ভাগি চুৰমাৰ কৰি পেলালে সকলো সপোন। কন্যা সন্তানৰ মুখখন চোৱাৰ পূৰ্বেই পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পিতৃয়ে।

photo-2022-01-07-19-20-22-copy

উল্লেখ্য যে, যোৱা মঙ্গলবাৰে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ থানা ৰাইলা অঞ্চলৰ আজমেৰ ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত সংঘৰ্ষত প্ৰাণ হেৰুৱায় একেটা পৰিয়ালৰ ৩ জন সদস্যসহ ৪ জন লোকে।

photo-2022-01-07-19-20-22

ভয়ংকৰ পথ দুৰ্ঘটনাটোত ৰাজচামান্দ জিলাৰ ৰেইলমাগ্ৰা অঞ্চলৰ অমৰপুৰা গাঁৱৰ প্ৰতাপ গাদ্ৰী (৬੦), তেওঁৰ পত্নী চোহনী (৫৫) আৰু পুত্ৰ দেৱীলাল গাদ্ৰীৰ (২৩) লগতে এজন আত্মীয়ৰ মৃত্যু ঘটে।

পিতৃ প্ৰতাপ গাদ্ৰীৰ চিকিৎসা কৰি জয়পুৰৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

589

এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে। বুধবাৰে পৰিয়ালটোৰ ৩ সদস্যৰ মৃতদেহ গাওঁলৈ অনাৰ পিছতে শোকাকূল পৰিবেশৰ সৃষ্টি হয়।

6

জানিব পৰা মতে, নিহত প্ৰতাপ গাদ্ৰীৰ ভৰিত আঘাত লগাৰ বাবে ১০ দিন আগতে, তেওঁ তেওঁৰ পত্নী আৰু পুত্ৰ আৰু আন এজন আত্মীয়ৰ সৈতে চিকিৎসাৰ বাবে জয়পুৰলৈ গৈছিল।

জয়পুৰত, অস্ত্ৰোপচাৰৰ পিছত গাওঁলৈ উভতি অহাৰ পথত এটা দুৰ্ঘটনা সংঘটিত হয় আৰু তেওঁলোক সকলোৰে মৃত্যু হয়।

256

আনহাতে, গাওঁবাসীয়ে জানিবলৈ দিয়া মতে দেৱীলাল গাদ্ৰীৰ ৯ দিন আগতে এজনী কন্যা সন্তান জন্ম লাভ কৰিছিল। কিন্তু সেই সময়ত তেওঁ জয়পুৰতে পিতৃ আৰু মাতৃৰ সৈতে থাকিবলগা হোৱা দেখা পোৱা নাছিল সন্তানৰ মুখ।

যেতিয়া বুধবাৰে আবেলি সকলোৰে নশ্বৰ দেহ গাওঁখনত উপস্থিত হয়, পৰিয়ালৰ সদস্যসকলে মৃতদেহ দেখি শোকত ভাগি পৰে।

89

একেটা পৰিয়ালৰ তিনি সদস্যৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটো শোকবিদ্ধ কৰি তোলে। জ্যেষ্ঠ পুত্ৰ কিষাণ লালে মাক দেউতাক আৰু সৰু ভায়েকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

আন এজন মৃতকৰ অন্তিম সংস্কাৰ তেওঁৰ গাওঁ ৰাজপুৰাত সম্পন্ন কৰা হয়।

লগতে চাওকঃ

কণিষ্ঠ অভিযন্তাৰ চাকৰি লাভ কৰিছিল সৌৰভে! কিন্তু যোগদান কৰিবলৈ যোৱাৰ পথতে ঘটিল অঘটন…

Leave a Comment