সম্ভাব্য দুৰ্ঘটনা ৰােধ কৰি ৰে’ল চালকে লাভ কৰিলে সাহসিকতাৰ বঁটা

নিউজ ডেস্ক। সেইয়া আছিল ১৮ নৱেম্বৰ, ২০২০ ৰ পুৱা ৭:৪০ বজাৰ কথা। তামিলনাডুৰ ভাইগাল এক্সপ্ৰেছ আহি আছিল কডাইকানাল দিশে। ৰে’লখন ১০০০ যাত্ৰী লৈ আহি পাইছিলহি অম্বাত্তুৰাই।

তেনেতে চালকে ৰেলপথৰ বেকা অংশত দেখে যে কিছু দূৰ আগত বহুতো প্ৰকাণ্ড শিল পৰি আছে। হ’বলৈ গৈ আছে যেন এক ভয়ংকৰ দুৰ্ঘটনা।

তাৎক্ষণিকভাৱে চালকে ল’লে সিদ্ধান্ত। প্ৰত্যুতপন্নমতিতাৰে ঘণ্টাত ৫০ কিমি বেগেৰে গৈ থকা ৰেলখনৰ চালকে মাৰিলে জৰুৰী ব্ৰেক। প্ৰায় ৫০০ মিটাৰ আগত মৰা ব্রেকৰ বাবে ৰেলখন ৰ’লহি ১০০ মিটাৰ বাকী থকা অৱস্থাত। আৰু অৱশেষত ৰক্ষা পৰিল ১০০০ জন যাত্ৰীৰ জীৱন।

৪৯ বছৰীয়া সেই সুদক্ষ চালকজন হ’ল জে সুৰেশ। দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসত তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানাস্বামিৰ হাতৰ পৰা তেৱেঁই লাভ কৰিলে আন্না সাহসিকতাৰ বঁটা।

সেই ঘটনা সন্দৰ্ভত তেওঁ কয় যে, ‘দুৰ্ঘটনা হ’বলগা ঘটনাটোৰ দিনা ৰে’লপথত শিল থকাটো দৃশ্যমান হোৱা নাছিল। কিন্তু সৌভাগ্যক্ৰমে মই প্ৰকাণ্ড শিলবোৰ চিনাক্ত কৰিলো আৰু ৫০ কিমি বেগত যোৱা ৰেলখন ৰখাবলৈ সক্ষম হ’লোঁ।’
জে সুৰেশক ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াইয়ো কৃতজ্ঞতা জনোৱাৰ লগতে ৩০০০ টকা উপহাৰ দিয়ে।

এই বঁটা লাভ কৰি জে সুৰেশে কয় যে এই স্বীকৃতিৰ বাবে তেওঁ যথেষ্ট সুখী। সকলো ৰে’ল চালকলৈ তেওঁ এই বঁটা সমৰ্পণ কৰে বুলি জনায়।

লগতে চাওকঃ

পুনৰ কৰৰ বােজা! এইবাৰ ৮ বছৰ পুৰণি বাহনত ‘গ্ৰীণ টেক্স’ আৰােপ চৰকাৰৰ

ইচ্ছাকৃতভাৱে পথৰ কুকুৰৰ ওপৰেৰে চলালে বাহন! অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শকে বিৰুদ্ধে গােচৰ ৰুজু

এইবাৰ ফলৰ নাম সলনি কৰিলে চৰকাৰে! ‘ড্ৰেগন ফ্ৰুট’ৰ নাম সলনি কৰি দিলে এইটো নাম

অসমত নহয় বাংলাদেশতহে এশ খন আসন পাব কংগ্ৰেছেঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Comment