পুনৰ কৰৰ বােজা! এইবাৰ ৮ বছৰ পুৰণি বাহনত ‘গ্ৰীণ টেক্স’ আৰােপ চৰকাৰৰ

নিউজ ডেস্ক। গাড়ীৰ গৰাকীসকলৰ বাবে বেয়া খবৰ! পুনৰ নতুন কৰ আৰােপৰ দিশে কেন্দ্ৰ চৰকাৰ।

এইবাৰ ৮ বছৰ বা তাতকৈ পুৰণি বাহনৰ ওপৰত আৰোপ কৰা হ’ব ‘গ্ৰীণ টেক্স’ বা সেউজ কৰ।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে আঠ বছৰ পুৰণি বাহনত ‘গ্ৰীণ টেক্স’ আৰোপ কৰাৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন দিছে।

জানিব পৰা মতে, এনে বাহনৰ ‘ফিটনেছ’ প্ৰমাণ পত্ৰ দিয়াৰ সময়ত বাহনৰ গৰাকীয়ে এই কৰ পৰিশোধ কৰিব লাগিব।

‘গ্ৰীণ টেক্স’ক লৈ অনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰাৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এই সম্পৰ্কীয় প্ৰস্তাৱটো ৰাজ্যবোৰৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব খুজিছে।

এই প্ৰস্তাৱ অনুসৰি পৰিবহনত ব্যৱহৃত গাড়ীবোৰত ৰোড টেক্স অৰ্থাৎ পথ কৰৰ ১০ৰ পৰা ২৫ শতাংশ হাৰত গ্ৰীণ টেক্স আৰোপ কৰা হ’ব।

আনহাতে, ১৫ বছৰ পিছত পঞ্জীকৰণৰ প্ৰমাণ পত্ৰ নবীকৰণৰ সময়ত ব্যক্তিগত বাহনত গ্ৰীণ টেক্স আৰোপ কৰা হ’ব।

অৱশ্যে ৰাজহুৱা পৰিৱহনত ব্যৱহৃত বাহন যেনে- চিটী বাছ আদিত কম হাৰত গ্ৰীণ টেক্স আৰোপ কৰা হ’ব।

অত্যধিক প্ৰদূষিত নগৰ-মহানগৰবোৰত পঞ্জীকৃত গাড়ীত সকলোতকৈ বেছি গ্ৰীণ টেক্স আৰোপ কৰা হ’ব।

আনহাতে, ডিজেল আৰু পেট্ৰ’ল ইঞ্জিনৰ বাহনৰ বাবে গ্ৰীণ টেক্সৰ বিভিন্ন শ্ৰেণী থাকিব।

এইবোৰত পৃথক গ্ৰীণ টেক্স আৰোপ কৰা হ’ব।

অৱশ্যে চি এন জি, এল পি জি, ইথানল চালিত অথবা ইলেক্ট্ৰিক বাহনবোৰক গ্ৰীণ টেক্সৰ আওতাৰ বাহিৰত ৰখা হ’ব বুলি প্ৰকাশ কৰিছে চৰকাৰে।

ইয়াৰ লগতে খেতি-বাতিত ব্যৱহৃত বিভিন্ন বাহন- ট্ৰেক্টৰ, হাৰ্ভেষ্টৰ আৰু পাৱাৰটিলাৰ আদি গ্ৰীণ টেক্সৰ আওতাৰ বাহিৰত ৰখা হ’ব।

লগতে চাওকঃ

সম্ভাব্য দুৰ্ঘটনা ৰােধ কৰি ৰে’ল চালকে লাভ কৰিলে সাহসিকতাৰ বঁটা

ইচ্ছাকৃতভাৱে পথৰ কুকুৰৰ ওপৰেৰে চলালে বাহন! অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শকে বিৰুদ্ধে গােচৰ ৰুজু

পুনৰ আৰক্ষীৰ জালত গৰু চিণ্ডিকেটৰ খলনায়ক!

অসমত নহয় বাংলাদেশতহে এশ খন আসন পাব কংগ্ৰেছেঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Comment