
সাপ, কেঁচু নহয়; স্বয়ম্ভূ বাবা আব্দুল কৰিমৰ ঘৰত মাটি খান্দোতে উদ্ধাৰ হ’ল লাখে লাখে টকা…
September 26, 2022নিউজ ডেস্কঃ মাটি খান্দোতে সাপ, কেঁচু নহয়, বৰং উদ্ধাৰ হ’ল কেইবা লক্ষাধিক টকা। শোণিতপুৰৰ এজন স্বয়ম্ভূ কবিৰাজৰ বাসগৃহত উদ্ধাৰ হ’ল এই বৃহৎ পৰিমানৰ ধন।
স্বয়ম্ভূ কবিৰাজ বাবা আব্দুল কৰিমৰ ঘৰত মাটি খান্দি পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫ লক্ষাধিক টকা।

শোণিতপুৰৰ তেজপুৰ বৰঘাট আৰক্ষীৰ অন্তৰ্গত পাঁচমাইলত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলায় বৃহৎ পৰিমাণৰ নগদ টকাখিনি।

আব্দুল কৰিমৰ ঘৰত চলোৱা অভিযানৰ সময়ত উপস্থিত থাকে শোণিতপুৰ আৰক্ষীৰ উপ-অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠক।

কিন্তু স্বয়ম্ভূ বাবা আব্দুল কৰিমে ক’ৰ পৰা ইমান নগদ ধন লাভ কৰিছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।