সি বেচেৰাই সঠিক তথ্য দিব পৰা নাইঃ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ…

সি বেচেৰাই সঠিক তথ্য দিব পৰা নাইঃ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ…

September 10, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসৰ মুক্তিৰ দাবীৰে সৰৱ হৈ পৰিছে সামাজিক মাধ্যম। ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰাৰ পৰিৱৰ্তে তেওঁলোকেই গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ কাণ্ডক সহজে মানি ল’ব পৰা নাই অনেকেই।

সমান্তৰালভানে নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা বুলি ঢাক-ঢোল বজোৱা অসম চৰকাৰ তথা প্ৰশাসনে এতিয়া ব্যৰ্থতা ঢাকিবলৈকে ভিক্টৰক গ্ৰেপ্তাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

ভিক্টৰ দাস নামৰ শিক্ষকগৰাকীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ মন্তব্য কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডিজিপি মহন্তই কয় যে ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই।

স্বভাৱসূলভ কটাক্ষৰ সুৰেৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয়, ‘সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে, সঠিক তথ্য দিব পৰা নাই। কাৰোৰে নাম দিব পৰা নাই।’

উল্লেখ্য যে, অসম চৰকাৰে অলপতে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে। টুইটযোগে তেওঁ অভিযোগ কৰিছিল যে একাংশই নিযুক্তি প্ৰদানৰ নামত ৩-৮ লাখ টকা পৰ্যন্ত দাবী কৰিছে। একে সময়তে এই কেলেংকাৰীৰ সৈতে একাংশ প্ৰাক্তন বিধায়ক জড়িত থকা বুলিও অভিযোগ কৰিছিল ভিক্টৰে।

যুৱ শিক্ষকজনৰ এই অভিযোগৰ পিছতে আৰক্ষীয়ে তেওঁক আটক কৰি মাৰাথান জেৰা চলায়। ইয়াৰ পিছতে নিশা গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক। অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰিব নোৱাৰাৰ বাবেই ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে পাণবজাৰ আৰক্ষীয়ে।

কিন্তু লক্ষণীয়ভাৱে অভিযোগৰ তদন্ত কৰি তথ্য সংগ্ৰহৰ কাম আৰক্ষীৰহে। এনে পৰিস্থিতিত ভিক্টৰ দাসে কেৱল অভিযোগ উত্থাপন কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰি গণতন্ত্ৰ যে প্ৰকৃততে ধ্বংস হৈছে সেয়াই চৰকাৰে প্ৰমাণ কৰিছে বুলিও অভিযোগ কৰে বিধায়ক অখিল গগৈকে ধৰি আন বহুতে।