সীমান্তত টহলৰ সময়ত হোৱা ৰহস্যজনক লেণ্ডমাইন বিস্ফোৰণত সেনাৰ বিষয়া -জোৱান শ্বহীদ

সীমান্তত টহলৰ সময়ত হোৱা ৰহস্যজনক লেণ্ডমাইন বিস্ফোৰণত সেনাৰ বিষয়া -জোৱান শ্বহীদ

October 31, 2021 0 By NEWS DESK

জম্মু-কাশ্মীৰৰ ৰাজোৰীৰ নওচেৰা চেক্টৰত বিস্ফোৰণ। শনিবাৰে নিয়মীয়া টহলৰ সময়ত হোৱা এক বৃহৎ বিস্ফোৰণত সেনাৰ লেফটেনেণ্ট আৰু এজন জোৱান নিহত হয়।

সাধাৰণতে সেনাই অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ নওচেৰা চেক্টৰৰ কালাল অঞ্চলত লেণ্ডমাইন স্থাপন কৰে, কিন্তু সেনাই এই ঘটনাটোক আইইডি বিস্ফোৰণ বুলিহে সন্দেহ কৰিছে।

বৰ্তমান সমগ্ৰ অঞ্চলটোত এক সতৰ্কবাণী জাৰি কৰা হৈছে আৰু অনুসন্ধান অব্যাহত আছে।

এজন সামৰিক বিষয়াই জনোৱা অনুসৰি, শনিবাৰে এলঅ’চিৰ ঠিক ওচৰৰ কালাল অঞ্চলত এটা সামৰিক টহলদাৰী দলে টহল দি আছিল।

সেই সময়তে এক বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণত বিহাৰৰ বেগুচৰাইৰ নিবাসী লেফটেনেণ্ট ঋষি কুমাৰ আৰু পঞ্জাৱৰ চিৰভেৱালাৰ বাসিন্দা চিপাহী মনজিৎ সিং বেয়াকৈ আহত হয়।

তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।

সামৰিক সূত্ৰই কয় যে, বিস্ফোৰণটো সংঘটিত হোৱা গোটেই অঞ্চলটো ইতিমধ্যে লেণ্ডমাইনৰ বাবে চিহ্নিত কৰা হৈছে। অঞ্চলটোত অনুপ্ৰৱেশৰ সম্ভাৱনা আছে, যিটো প্ৰতিৰোধ কৰিবলৈ সেনাই সেই ঠাইত লেণ্ডমাইন স্থাপন কৰিছে। এইটো এতিয়াও স্পষ্ট হোৱা নাই যে বিস্ফোৰণটো সেনাৰ দ্বাৰা স্থাপন কৰা লেণ্ডমাইনৰ আছিল নে সন্ত্ৰাসবাদীয়ে স্থাপন কৰা আইইডিৰ আছিল। এই ঘটনাটো তদন্তৰ অধীনত আছে।

উল্লেখ্য যে এলঅ’চিৰ কাষত লেণ্ডমাইন স্থাপন কৰা হয়। কিন্তু বহুবাৰ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে সেই ঠাইত আহি আইইডি বিস্ফোৰণ সংঘটিত কৰিছে। যাৰ বাবে বহুতো জোৱানাৰ শ্বহীদ হ’বলগীয়া হৈছে।