সুখকৰ নহ’ল প্ৰমােদ ভ্ৰমণ! চাকৰিৰ পৰা নিলম্বিত হ’ল অসমৰ এইখন জিলাৰ DTO…

নিউজ ডেস্ক। উৰ্ধতন কৰ্তৃপক্ষক অৱগত নকৰাকৈয়ে অসমৰ বাহিৰত প্ৰমােদ ভ্ৰমণলৈ গৈ চাকৰি গ’ল এগৰাকী জিলা পৰিবহণ বিষয়াৰ।

এই জিলা পৰিবহণ বিষয়াজন হৈছে হাইলাকান্দিৰ জিলা পৰিবহণ বিষয়া অপু মজুমদাৰ।

কর্তব্যত গাফিলতি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’বলগা হ’ল ডিটিঅ’ অপু মজুমদাৰ।

পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে অকৰ্তৃত্বশীলভাৱে কৰ্মৰত জিলাখনৰ পৰা আঁতৰি থকাৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ডিটিঅ’গৰাকীক।

জানিব পৰা মতে, DTO অপু মজুমদাৰে অনুমতিবিহীনভাৱে যোৱা ১৫ জুনত হাৰিয়ানাৰ গুৰুগ্ৰামলৈ গৈছিল।

এই সম্পৰ্কে হাইলাকান্দি জিলাৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাই পৰিবহণ বিভাগৰ দৃষ্টিগোচৰ কৰিছিল।

ইয়াৰ পিছতে পৰিবহণ আয়ুক্তই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিষয়াজনক চাকৰিৰ পৰা নিলম্বনৰ নির্দেশ দিয়ে।

লগতে চাওকঃ

পেঞ্চনৰ কামৰ বাবদ অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

1 thought on “সুখকৰ নহ’ল প্ৰমােদ ভ্ৰমণ! চাকৰিৰ পৰা নিলম্বিত হ’ল অসমৰ এইখন জিলাৰ DTO…”

Comments are closed.