সুখবৰ! স্বৰ্ণজয়ী নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে, লগতে প্ৰদান কৰিব ৫০ লাখ টকা

সুখবৰ! স্বৰ্ণজয়ী নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে, লগতে প্ৰদান কৰিব ৫০ লাখ টকা

August 30, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণজয়েৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে।

মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পিছতে গোলাঘাটৰ জীয়াৰী নয়নমণি শইকীয়াক দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ পদোন্নতি প্ৰদান কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁলৈ সন্মান স্বৰূপে নয়নমণি শইকীয়াক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ইয়াৰোপৰিও পদকজয়ী খেলুৱৈ গৰাকীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকা আগবঢ়োৱাৰ ঘোষণা কৰা হৈছে।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকি অসমবাসীক গৌৰৱাম্বিত কৰা অলিম্পিকৰ পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ধিং এক্সপ্ৰেছ হিমা দাসকো ডিএছপি পদত নিযুক্তি প্ৰদান কৰিছিল অসম চৰকাৰে।