সুখবৰ! ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ অসম সন্তান অম্লান বৰগােহাঁইৰ

সুখবৰ! ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ অসম সন্তান অম্লান বৰগােহাঁইৰ

August 30, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসম সন্তান অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিছে।

যুৱ স্ত্ৰীণ্টাৰ অম্লানে সোমবাৰে পুৰুষৰ ১০০ মিটাৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে।

উত্তৰ প্ৰদেশৰ ৰায় বেৰেলিত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃৰে’লৱেজ এথলেটিকছ চেম্পিয়নশ্বিপত আকর্ষণীয় ১০.২৫ ছেকেণ্ড সময়মানেৰে দৌৰ সম্পূৰ্ণ কৰি অমিয় কুমাৰ মল্লিকৰ নামত থকা পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ম্লান কৰে অম্লানে।

৮৭ সংখ্যক প্রতিযোগিতাখনত স্বৰ্ণ লাভ কৰা অম্লানে ২০১৬ চনত মল্লিকৰ ১০.২৬ ছেকেণ্ড সময়ৰ অভিলেখ ভংগ কৰে।

১০০ মিটাৰত অম্লানৰ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ১০.৩৪ ছেকেণ্ড।

উল্লেখ্য যে অম্লান বৰগােঁহাই ২০০ মিটাৰতো ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী।

এই বছৰৰ আৰম্ভণিতে ২৫সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপত ২০.৫২ ছেকেণ্ড সময়মানেৰে সেই কৃতিত্ব অৰ্জন কৰিছিল এন এফ ৰে’লৱেৰ হৈ খেলা ২৪ বছৰীয়া অম্লানে।

উল্লেখযোগ্য যে অম্লানে আগন্তুক এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।