সুখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন বি বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ প্ৰোগ্ৰাম অফিচাৰ ড০ সত্যব্ৰত বৰুৱাৰ

সুখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন বি বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ প্ৰোগ্ৰাম অফিচাৰ ড০ সত্যব্ৰত বৰুৱাৰ

September 19, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অসমবাসীক গৌৰৱাম্বিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে বি. বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ প্ৰোগ্ৰাম অফিচাৰ ড০ সত্যব্ৰত বৰুৱাই।

২০২০-২১ বৰ্ষৰ প্ৰোগ্ৰাম অফিচাৰ শীতানত নেশ্যনেল চাৰ্ভিছ স্কীম বঁটাৰ বাবে নিৰ্বাচিত হৈছে ড০ সত্যব্ৰত বৰুৱা।

উল্লেখ্য যে, অহা ২৪ ছেপ্টেম্বৰত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ড০ বৰুৱাক এই বঁটা প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

উল্লেখ্য যে, ২০১৪ চনত বি বৰুৱা মহবিদ্যালয়ৰ প্ৰোগ্ৰাম অফিচাৰ দায়িত্ব গ্ৰহণ কৰি নিষ্ঠা আৰু দায়িত্ববোধেৰে মহাবিদ্যালয়ৰ এনএছএছ গোটটোৰ নেতৃত্ব দি এক সুকীয়া মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে ড০ সত্যব্ৰত বৰুৱা।

যাৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়ত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰাৰ লগতে ২০২০-২১ বৰ্ষত ৰাজ্যিক পৰ্যায়ত শ্ৰেষ্ঠ প্ৰোগ্ৰাম অফিচাৰৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে ড০ বৰুৱাই।

ড০ সত্যব্ৰত বৰুৱা মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্তব্যৰত।

ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ লাভ কৰা কৃতিত্বই বি বৰুৱা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে সমগ্ৰ অসমবাসীক গৌৰৱাম্বিত কৰিছে।

লগতে চাওকঃ

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নয়না, অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে কৰিব পুৰস্কৃত