
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নয়না, অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে কৰিব পুৰস্কৃত
September 19, 2022নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ উজ্বলি উঠিল অসমৰ আন এগৰাকী সুযোগ্য সন্তান।
এইবাৰ ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ৰাষ্ট্ৰীয় সেৱা যোজনা’ৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ডিগবৈ মহাবিদ্যালয়ৰ নয়না শইকীয়াই।
ৰাষ্ট্ৰীয় সেনা যোজনাৰ অধীনত আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে নয়না শইকীয়াক।
যোৱা ১৬ ছেপ্টেম্বৰত কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগে ঘোষণা কৰে এই পুৰস্কাৰ।

উল্লেখ্য যে, অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেৱা যোজনা দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই পুৰস্কাৰ প্ৰদান কৰিব।

প্ৰণিধানযোগ্য যে, নয়না শইকীয়াই ডিগবৈ মহাবিদ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক হিচাপে ২০১৮-২১ বৰ্ষত আগবঢ়োৱা সেৱাৰ বাবে ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে চাওকঃ
পুত্ৰৰ পিগি বেংকৰ পৰা ৫੦੦ টকা উলিয়াই লটাৰীৰ টিকট ক্ৰয় কৰিছিল অনুপে, আজি হৈ পৰিল ২৫ কোটি টকাৰ মালিক

[…] […]
[…] […]