সুখৰব! ACP হিমাংশু দাসলৈ ৰাষ্ট্ৰপতিৰ পদক, অসমৰ ৮ গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত অসম আৰক্ষীলৈ সুখৰ খবৰ। সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে লাভ কৰিছে ৰাষ্ট্ৰপতি মেডেল।

কৰ্তব্যনিষ্ঠা আৰু জনসেৱাৰ বাবে এচিপি হিমাংশু দাসক এই সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে। উল্লেখ্য যে, চলিত বৰ্ষত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা অসমৰ একমাত্ৰ আৰক্ষী বিষয়া হৈছে এচিপি হিমাংশু দাস।

প্ৰণিধানযোগ্য যে, ১৯৮৮ চনত অসম আৰক্ষীত যোগদান কৰা হিমাংশু দাসে পৰৱৰ্তী সময়ক দুধনৈ, গোৱালপাৰা আদি বিভিন্ন প্ৰান্তত কৰ্তব্য সম্পাদন কৰি আহিছে। বৰ্তমান দিছপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত হৈ আছে হিমাংশু দাস।

ইফালে স্বাধীনতাৰ প্ৰাক ক্ষণত অসমৰ ৮ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ পদক।

এইবাৰ এছডিপিঅ’ জোন দাস, এথআই জিতুমণি ডেকা, এছআই বিতোপন চুতীয়া, এছআই অচ্যুত নাথ, লেন্স নায়ক শম্ভূ ৰংহাং, কনিষ্টবল ছম্বৰ ৰংপি, কনিষ্টবল হোন্দৰছিং টকবি আৰু কনিষ্টবল গ্ৰেটছন মাৰাকলৈ আগবঢ়োৱা হৈছে আৰক্ষীৰ সাহসিকতাৰ পদক।