সুৰংগৰ মাজেৰে বিমান উৰুৱাই গঢ়িলে বিশ্ব অভিলেখ…

নিউজ ডেস্ক। ইটালীৰ পেছাদাৰী প্ৰতিযোগী তথা ষ্টান্ট পাইলট ডাৰিঅ কোষ্টাৰ গিনীজ ৰেকৰ্ড স্থাপন।

তুৰ্কীৰ উত্তৰ মাৰ্মাৰা ঘাইপথৰ দুটা পথৰ সুৰংগৰ মাজেৰে এখন বিমান উৰুৱাই বিশ্বক হতবাক কৰি তোলে তেওঁ।

তেনে এটা আচৰিত ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে এনাৰ্জি ড্ৰিংক কোম্পানী ৰেড বুলে। য’ত পাইলটজনে তেওঁৰ পৰিৱৰ্তিত জিভকো এজ ৫৪০ এৰোবেটিক মনোপ্লেন খন কেটালকা মেভকি সুৰংগৰ মাজেৰে উৰুৱাই নিয়ে। য’ত তেওঁ সুৰংগৰ এটা ফালৰ পৰা আনটো ফাললৈ উৰা মাৰি থকা দেখা গৈছিল।

ইটালীৰ কোষ্টাই ২৪৫ কিলোমিটাৰ গড় গতিত দুটা সুৰংগৰ মাজেৰে দ্ৰুত গতিত গৈ গীনিজ বিশ্ব ৰেকৰ্ড স্থাপন কৰে।

ৰেডবুলৰ ব্লগত দিয়া অনুসৰি কোষ্টাই কয়, “সকলোবোৰ দ্ৰুতগতিত ঘটি থকা যেন লাগিছিল। যেতিয়া মই প্ৰথম সুৰংগৰ পৰা ওলাই আহিছিলো, তেতিয়া ক্ৰছৱিণ্ডৰ বাবে বিমানখন সোঁফালে যাবলৈ আৰম্ভ কৰিছিল আৰু মোৰ মগজুত সেই মুহূৰ্তত সকলোবোৰ ধীৰ হৈ গৈছিল। মই চিন্তা কৰিছিলো আৰু বিমানখন আনটো সুৰংগত প্ৰৱেশ কৰিবলৈ সঠিক পথত ঘূৰাই অনাত মনোনিৱেশ কৰিছিলো। তাৰ পিছত মোৰ মনত সকলো বোৰ পুনৰ দ্ৰুত গতিত আগবাঢ়ি গৈছিল।”

তেওঁ লগতে কয়, “মই মোৰ জীৱনত কেতিয়াও সুৰংগত উৰা মৰা নাছিলো। আজিলৈকে কোনেও কেতিয়াও এইটো কৰা নাছিল। সেয়েহে মোৰ মূৰত এটা ডাঙৰ প্ৰশ্ন আছিল যে আশা কৰা ধৰণেই সকলো বোৰ হ’ব নে নাই। অৱশ্যে ই এক ডাঙৰ সকাহ আছিল, ডাঙৰ সুখ আছিল। মোৰ বাবে এইটো আন এটা সপোন সঁচা হল।”

উল্লেখ্য যে তেওঁ ৪৪ ছেকেণ্ডতকৈও কম সময়ত দুয়োটা সুৰংগ পাৰ কৰিছিল। কোষ্টাই এক মিটাৰতকৈ কম উচ্চতা বজাই ৰাখি সকলো ফালে থকা কঠিন কংক্ৰিটৰ প্ৰথম সুৰংগটোৰ ভিতৰত উৰা মাৰিছিল। তাৰ পিছত তেওঁ ৩৬০ মিটাৰ দূৰত থকা দ্বিতীয়টো সুৰংগলৈ গৈছিল। যিটোত তেওঁ ক্ৰছ-ৱিণ্ডৰ সন্মুখীন হোৱা স্বত্বেও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি উৰা মাৰিবলৈ সক্ষম হৈছিল।

ষ্টান্ট পাইলটজনে গড়ে ঘণ্টাত ২৪৫ কিমি বেগত ১,১৬০ মিটাৰ সুৰংগৰ মাজেৰে উৰা মাৰিছিল। তেওঁৰ দীৰ্ঘতম সুৰংগৰ মাজেৰে বিমান উৰুৱাই নিয়াৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰে।

Leave a Comment