
সোণাপুৰৰ ট্ৰেজাৰ হুইলছলৈ সহায়ৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল
January 28, 2021নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰ মেধিকুছিস্থিত ট্ৰেজাৰ হুইলছত উপস্থিত হৈ তাত থকা বিভিন্ন সা-সামগ্ৰী পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে।

জানিব পৰা মতে, পিকলু ডেকা নামৰ লোকজনৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গড় লৈ উঠা এই বিশেষ ঠাইত দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ-সামগ্ৰী, পুৰণি গাড়ীৰ লগতে বিভিন্ন আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ এইটাে একমাত্ৰ সংগ্ৰাহলয়টো য’ত এনেদৰে আপুৰুগীয়া সামগ্ৰী ব্যক্তিগত প্ৰচেষ্টাত সংৰক্ষণ কৰা হৈছে।
এই সংগ্ৰহালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংগ্ৰাহলয়টো দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ কৰি উঠিব বুলি আশা প্ৰকাশ কৰে।

এইক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই পৰিদৰ্শনৰ সময়ত তেওঁক মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা, বিজেপি নেতা মমিনুল আৱাল আদিয়ে সংগ দিয়ে।