স্বাৱলম্বিতাৰ ব্যতিক্ৰমী বাট দেখুৱাই সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা অসমৰ এগৰাকী সাহসী যুৱতী…

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে চৰ্চিত হৈ পৰিছে অসমৰ এগৰাকী যুৱতী।

স্বাৱলম্বিতাৰ বাবে যুৱতীগৰাকীয়ে বাচি লােৱা ব্যতিক্ৰমী পন্থাৰ বাবে সকলােৱে একমুখে প্ৰশংসা কৰিছে যুৱতীগৰাকীক।

প্ৰচণ্ড ৰ’দ-বৰষুণকো নেওচি কাহিলি পুৱাৰ পৰা নিশালৈ নিজ কৰ্মত ব্যস্ত এইগৰাকী সাহসী যুৱতী।

শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ২০ বছৰীয়া এই যুৱতীগৰাকীৰ নাম লীজা ভূঞা।

স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰীগৰাকীৰ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

242134219-401171898111311-8655442732021324143-n

কাহিলি পুৱাতেই নিজ গৃহৰ পৰা ওলোৱাৰ পাছতেই ওৰেটো দিন কামত ব্যস্ত হৈ পৰা এই যুৱতীগৰাকী।

জানিব পৰা মতে, পুৱা ৪ বজাতেই এখন দুচকীয়া বাহন লৈ ৩০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি সামগ্ৰীৰ টোপোলা বিশ্বনাথ চাৰিআলিৰ পৰা বাইকখনৰ দুয়োফালে পাৰ্ছেল ভৰ্তি দুটা বেগ বান্ধি আৰু পিঠিতো এটা বেগ লৈ কঢ়িয়াই জামুগুৰিহাটলৈ উভতি আহে ২০ বছৰীয়া যুৱতীগৰাকী।

সমান্তৰালকৈ গ্ৰাহকসকলকাে যোগান ধৰি আহিছে নিৰ্দিষ্ট সামগ্ৰীসমূহ।

সম্বন্ধীয় এগৰাকী ককায়েকৰ সহায়ত অনলাইনৰ পাৰ্ছেল বিতৰণৰ কামত ডেৰ মাহ পূৰ্বে নিয়োজিত যুৱতীগৰাকীয়ে দৈনিক প্ৰায় এশ কিঃমিঃৰো অধিক পথ নিজৰ দুচকীয়া বাহনখন চলাই পালন কৰি গৈছে কৰ্তব্য।

এখন সৰু হোটেল দি পৰিয়াল পোহপাল দিয়া পিতৃক কিছু সকাহ দিবৰ বাবেই অধ্যয়নৰ সমান্তৰালকৈ কষ্টকৰ এটি কামত যোগদান কৰি যুৱতীগৰাকীয়ে পালন কৰি গৈছে এই দায়িত্ব।

এগৰাকী নাৰী হৈও পুৰুষে কৰা কামো যে নাৰীয়ে কৰিব পাৰে তাৰেই যেন এক উদাহৰণ জামুগুৰিহাটৰ এইগৰাকী ২০ বছৰীয়া যুৱতী তথা ছাত্ৰী লিজা ভূঞা- যিয়ে কৰ্মৰ জৰিয়তে নিজৰ লগতে পৰিয়ালটিৰ অভাৱ পূৰণ কৰাত নিজকে জড়িত কৰিবলৈ সক্ষম হৈছে।

লিজা ভূঞা অসমৰ যুৱ প্ৰজন্মৰ বাবে হৈ পৰিছে এক অনুকৰণীয় ব্যক্তিত্ব। সকলােৱে লিজাৰ কৰ্মস্পৃহা তথা কঠােৰ পৰিশ্ৰমৰ ভূঁয়সী প্ৰশংসা কৰিছে।

Leave a Comment