কংগ্ৰেছ দলত যোগদান বাওঁপন্থী নেতা কানহাইয়া কুমাৰৰ

মঙলবাৰে কংগ্ৰেছ দলে লাভ কৰে দেশৰ অন্যতম যুৱ নেতা তথা বিহাৰৰ বাওঁপন্থী নেতা কানহাইয়া কুমাৰক। ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে কানহাইয়া কুমাৰে।

কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কানহাইয়া কুমাৰে কয় যে তেওঁ দেশৰ আটাইতকৈ গণতান্ত্ৰিক দল কংগ্ৰেছত যোগদান কৰিছে। যদি কংগ্ৰেছ বাচি নাথাকে, তেন্তে দেশখন জীয়াই নাথাকিব।

তেওঁ আৰু কয়, ‘মই অনুভৱ কৰো যে এই দেশৰ কিছুমান লোক, তেওঁলোক কেৱল মানুহ নহয়, তেওঁলোক এক চিন্তা। দেশৰ চিন্তা-চৰ্চা পৰম্পৰা, সংস্কৃতি, শিপা, ইতিহাস, বৰ্তমান আৰু ভৱিষ্যত নষ্ট কৰিবলৈ চেষ্টা কৰি আছে। মই কৰবাত পঢ়িছিলো যে যদি আপুনি আপোনাৰ শত্ৰু বাছনি কৰে, তেন্তে বন্ধু নিজেই হ’ব। গতিকে মই বাছনি কৰিছো। মই গণতান্ত্রিক দলটোত যোগদান কৰিব বিছাৰিছো, কাৰণ মোৰ মনত এইটো ভাৱ আহিছে যে যদি কংগ্ৰেছ বাচি নাথাকে, তেন্তে দেশ বাচি নাথাকিব।”

তেওঁ লগতে কয় যে আজি এই দেশক ভগত সিঙৰ সমৰ্থনৰ প্ৰয়োজন। আম্বেদকাৰৰ সমতাৰ প্ৰয়োজন আৰু গান্ধীৰ ঐক্যৰ প্ৰয়োজন।

উল্লেখ্য যে কানহাইয়া কুমাৰে দীৰ্ঘদিন ধৰি কংগ্ৰেছত যোগদান কৰাৰ বিষয়ে জল্পনা-কল্পনা চলি আছিল। কিন্তু মংগলবাৰে তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। দিল্লীৰ কংগ্ৰেছৰ দলীয় কাৰ্যালয়ত যোগদান কৰে তেওঁ।

আনহাতে গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়েও কংগ্ৰেছত যোগদান কৰাৰ খবৰ জানিব পৰা যায়।

অৱশ্যে কানহাইয়া কুমাৰৰ যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্ন জনে।

বিজেপি দলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ইয়াৰোপৰি কংগ্ৰেছৰ সাংসদ তথা জ্যেষ্ঠ নেতা মনীষ তিৱাৰীয়ে কানহাইয়া কুমাৰৰ দলত প্ৰৱেশ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

Leave a Comment