সৰুকৈ পাচলি দোকান এখন দি চলাই আছিল পৰিয়াল! পথ দুৰ্ঘটনাই কাঢ়ি নিলে মহিউদ্দিনসহ দুজনৰ প্ৰাণ

সৰুকৈ পাচলি দোকান এখন দি চলাই আছিল পৰিয়াল! পথ দুৰ্ঘটনাই কাঢ়ি নিলে মহিউদ্দিনসহ দুজনৰ প্ৰাণ

August 24, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বৰপেটাৰ বজাৰৰ পৰা পাচলি আনিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল নলবাৰী জিলাৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাৰ কৈঠালকুছি আৰু সমীপৱৰ্তী অঞ্চলত।

জানিব পৰা মতে, কৈঠালকুছিৰ চ’কত এখন সাধাৰণ পাচলি দোকান দি জীৱন নিৰ্বাহ কৰা মহম্মদ মহিউদ্দিন (৫২) নামৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই উমেশ ডেকা (৪০) নামৰ আন এজন পাচলি বিক্ৰেতাৰ সৈতে বৰপেটা বজাৰৰ পৰা বিক্ৰীৰ বাবে পাচলি আনিবলৈ গৈছিল।

দুয়োজন পাচলি বিক্ৰেতাই পাচলি আনিবলৈ লৈ গৈছিল কৈঠালকুছিৰে নীৰেণ বৰ্মণৰ মেক্সিম’ বাহনখন। কিন্তু যোৱাৰ পছতে বজালী জিলাৰ কহৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত মহম্মদ মহিউদ্দিন আৰু চালক নীৰেণ বৰ্মন (২২)ৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় উমেশ ডেকা। পিছত তেওঁক স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

অন্যহাতে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত দুয়োজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত পাচলি বিক্ৰেতা মহিউদ্দিনৰ ঘৰ কৈঠালকুছি আৰু গোৱৰাদলৰ মাজৰ ষাঠিকুছিৰ মুছলিম চুবাত। আনহাতে নীৰেণ বৰ্মনৰ ঘৰ হৈছে কৈঠালকুছিৰ মাজুতোলাত।

ইফালে মৰোণত্তৰ পৰীক্ষাৰ পিছত দুয়োজনৰে মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। পিছত নিজা নিজা ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় মহিউদ্দিন আৰু নীৰেণ বৰ্মনৰ।