হঠাতে খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ এটা অংশ… কেমেৰাত বন্দী ভয়ানক দৃশ্য

নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য।

ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ব্যস্ত দলঙৰ মাজৰ এটা অংশ হঠাতে পৰিল খহি। যাৰ ফলত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা।

খহি পৰা অংশৰ মাজতে আবদ্ধ হৈ পৰিল কেবাখনাে যান-বাহন।

চকুৰ পলকতে সংঘটিত হয় এই ঘটনা।

এই ঘটনা শুকুৰবাৰে সংঘটিত হয় উত্তৰাখণ্ডৰ ডেৰাডুনত।

জানিব পৰা মতে, কেইবাদিনো ধৰি ডেৰাডুনত হৈ আছে প্ৰৱল বৃষ্টিপাত।

এই প্ৰৱল বৃষ্টিপাতৰ বাবে ৰাণীপুখাৰী-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথত জাখন নদীৰ ওপৰত নিৰ্মিত দলংখনৰ এটা অংশ হঠাতে খহি পৰে। যাৰ ফলত কেইবাখনো যান-বাহনৰ ক্ষতি সাধন হয়।

বৰ্তমান দলংখনেৰে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।

এই সন্দৰ্ভত ডেৰাডুনৰ জিলা দণ্ডাধীশ আৰ ৰাজেশে কয় যে, দলংখনৰ এটা অংশ খহি পৰাৰ বাবে ৰাণীপুখাৰী-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও ভালে কেইখন বাহনৰ ক্ষতি হয়। তেওঁ লগতে সেই পথেৰে জনসাধাৰণক নাহিবলৈ আহ্বান জনায়।

ইয়াৰোপৰি প্ৰৱল বৃষ্টিপাতৰ বাবে কেইবাঠাইতো পথৰ ক্ষতি সাধন হয় বুলি তেওঁ জানিবলৈ দিয়ে।

ঘটনাৰ পিছতেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী উপস্থিত হয় দলংখনৰ সেই অংশ পৰিদৰ্শনৰ বাবে। তেওঁ দণ্ডাধীশক তাৎক্ষণিকভাৱে সেই অংশ মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

P1

উল্লেখ্য যে ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে দলঙৰ দুয়ো পাৰে এছডিআৰএফৰ দল মজুত থাকে।

Leave a Comment