টকিঅ’ পেৰালিম্পিকত ইতিহাস সৃষ্টি, ভবিনাবেন পেটেলে লাভ কৰিলে পদক

নিউজ ডেস্ক। টকিঅ’ পেৰালিম্পিকত ইতিহাস সৃষ্টি ভাৰতৰ ভবিনাবেন পেটেলৰ। তেওঁ টেবুল টেনিছৰ মহিলা এককত চতুৰ্থ শ্ৰেণীৰ ভাৰতৰ প্ৰথম পদক জয় কৰিবলৈ সক্ষম হয়।

ফাইনেলত ভবিনাই বিশ্বৰ এক নম্বৰ চীনা ঝৌ য়িঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। য়িঙে ভবিনাক ১১-৭, ১১-৫ আৰু ১১-৬ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। যাৰ ফলত ভৱিনাই লাভ কৰিলে ৰূপ। বৰ্তমান তেওঁ টেবুল টেনিছত এগৰাকী ভাৰতীয় পদক বিজয়ী।

ইয়াৰ পূৰ্বে ভবিনাই ছেমিফাইনেলত চীনৰ ঝাং মিয়াওক ৭-১১, ১১-৭, ১১-৪, ৯-১১, ১১-৮ ব্যৱধানত পৰাস্ত কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত ভবিনাই একেৰাহে তিনিখন খেলত ছাৰ্বিয়াৰ বৰুচিয়া ৰাঙ্কোভিচ পেৰিচক ১১-৫, ১১-৬, ১১-৭ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত হয়।

ভবিনাবেন পেটেলে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলিয়ান জয়ছ ডি অলিভিয়েৰাক ১২-১০, ১৩-১১, ১১-৬ ব্যৱধানত পৰাস্ত কৰিছিল। তেওঁ পেৰালিম্পিকত টেবুল টেনিছত পদক লাভ কৰা প্ৰথম ভাৰতীয় হৈ পৰিছে।

এই পদক জয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভবিনাবেন পেটেলক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে, “ভবিনাবেন পেটেলে ইতিহাস সৃষ্টি কৰিছে। তেওঁৰ জীৱন যাত্ৰা অনুপ্ৰেৰণাদায়ক। যুৱক-যুৱতীসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰি খেলৰ প্ৰতি আকৰ্ষিত হ’ব।” ইয়াৰোপৰি ৰাষ্ট্ৰপতি ৰামনাথ কবিণ্ডেও শুভেচ্ছা জ্ঞাপন কৰে ভবিনালৈ।

ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধ্যক্ষ দীপা মালিকে কয় যে, “ভবিনা পেটেলে ৰূপৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে আৰু সেইয়াও ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত। মোৰ বাবে অধিক আনন্দৰ বিষয় হ’ব যে এগৰাকী মহিলা খেলুৱৈয়ে পদকৰ একাউণ্ট খুলিছে আৰু সেই মহিলা খেলুৱৈগৰাকী এনে এগৰাকী মহিলা যিয়ে হুইল চেয়াৰ ব্যৱহাৰ কৰে।”

কন্যাৰ বিজয় সন্দৰ্ভত পিতৃ হাসমুখভাই পেটেলে কয়, “তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ সোণৰ পদক আনিব নোৱাৰিলে যদিও আমি ৰূপৰ পদকতো সুখী। উভতি অহাৰ পিছত আমি তেওঁক এক বিশাল আদৰণি জনাম। “

উল্লেখ্য যে টকিঅ’ পেৰালিম্পিকত দেশৰ হৈ প্ৰথমটো পদক জয় কৰা দেশৰ প্ৰথম পেৰা খেলুৱৈ ভবিনাবেন পেটেলে এবছৰ বয়সত খোজ কাঢ়িবলৈ চেষ্টা কৰোতে পৰি গৈছিল। তেতিয়াই তেওঁ এখন ভৰিত পক্ষাঘাতগ্ৰস্ত হৈছিল আৰু পিছত তেওঁৰ আনটো ভৰিও পক্ষাঘাতৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। পৰৱৰ্তী সময়ত কম্পিউটাৰ শিকাৰ সময়ত তেওঁ টেবুল টেনিছ খেলিবলৈ সুযোগ পাইছিল।

Leave a Comment