হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

নিউজ ডেস্ক। ডিম্পু বৰুৱা। ইন্টাৰনেট জগতৰ এক পৰিচিত নাম।

অসমৰ লগতে দেশ-বিদেশতাে সামাজিক মাধ্যমত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা ইউ টিউবাৰ ডিম্পু বৰুৱা এইবাৰ উপস্থিত হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত।

শেহতীয়াকৈ নিজৰ ইউ টিউব চেনেল Dimpu’s Vlogs শ্বেয়াৰ কৰিলে মন্ত্ৰীগৰাকীৰ সৈতে সম্পূৰ্ণ ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ।

উল্লেখ্য যে ডিম্পুৰ এই ইউ টিউব চেনেলত আছে ১৫ লাখৰাে অধিক Subscribers। ২৪ মাৰ্চ ২੦২১ তাৰিখে ডিম্পুৱে উক্ত চেনেলত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হােৱাৰ সাক্ষাৎকাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰে।

ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগে লগেই ই ইউ টিউবত হৈ পৰে ভাইৰেল। মাত্ৰ কেইঘন্টাৰ ভিতৰতে ৫ লক্ষাধিক বাৰ ভিউজ লাভ কৰে এই ভিডিঅ’টােৱে।

উল্লেখ্য যে ভিডিঅ’টােৰ আৰম্ভণিতে ডিম্পুৱে এয়া সম্পূৰ্ণ অৰাজনৈতিক সাক্ষাৎকাৰ বুলি দৰ্শকক জনায়।

প্ৰায় ১৪ মিনিট দৈৰ্ঘ্যৰ এই সাক্ষাৎকাৰত ডিম্পুৱে মন্ত্ৰীগৰাকীৰ সন্মতিক্ৰমে ‘মামা’ বুলিয়েই অভিহিত কৰে আৰু বহুকেইটা অৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰে।

ডিম্পুৱে মন্ত্ৰীগৰাকীক কৰা প্ৰথম প্ৰশ্নই আছিল যে আপুনি সকলােৰে মামা কেনেকৈ হ’ল? চাওক এই প্ৰশ্নৰ কি উত্তৰ দিলে মন্ত্ৰীগৰাকীয়েঃ

ডিম্পুৰ সৈতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ সাক্ষাৎকাৰতত ভিডিঅ’ চাওকঃ

লগতে চাওকঃ

বাইক ষ্টান্ট কৰি বিপদত পৰিল এজন যুৱক! এজন IPS বিষয়াই শ্বেয়াৰ কৰিলে ভিডিঅ’

অৰুণাচল প্ৰদেশৰ ভূটান সীমান্তত কৰ্তব্যৰত SSB জোৱানৰ মৃত্যু, ১১ বছৰীয়া পুত্ৰৰ মুখাগ্নি

চিকিউৰিটি গাৰ্ড হিচাপে যােগদান কৰা কােম্পানীতে ছ’ফ্টৱেৰ ইঞ্জিনিয়াৰ হ’ল এজন অসমীয়া!

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…

Leave a Comment