অনলাইনত অৰ্ডাৰ কৰিছিল হেডফােন, ঘৰলৈ আহিল শিলৰ টুকুৰা!

নিউজ ডেস্ক। আপুনি অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰে নেকি? যদি কৰে, তেন্তে এতিয়াৰ পৰা কিছু সাৱধাণ হওক। অন্যথা কেতিয়াবা আপোনাৰ সামগ্ৰী টোপোলাত অৰ্ডাৰ কৰা সামগ্ৰীৰ পৰিৱৰ্তে আহি যাব পাৰে শিলগুটি।

তেনে এক ঘটনাই সংঘটিত হ’ল গুৱাহাটীৰ এজন ব্যক্তিৰ ক্ষেত্ৰত।

জানিব পৰা মতে, উমংগ পাটোদিয়া নামৰ গুৱাহাটীৰ এজন ব্যক্তিয়ে অনলাইন সামগ্ৰী ক্ৰয়ৰ মাধ্যম ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰ দিছিল এডাল হেডফোন। সেই অনুসৰি অনলাইন যোগে নিৰ্দিষ্ট টকাও কাটি ললে তেওঁৰ পৰা। কিন্তু যেতিয়া তেওঁৰ হেডফোনৰ পেকেটটো আহিল, তেতিয়াহে তেওঁ আচৰিত হ’ল। কিয়নো সুন্দৰ পেকেটটোত হেডফোনৰ পৰিৱৰ্তে তেওঁলৈ আহিল এটা শিলগুটিহে।

এই সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকজনে কয় যে, “মই মোৰ অৰ্ডাৰ কৰা সামগ্ৰীৰ পৰিৱৰ্তে এটা শিলগুটিহে পালো। এই সম্পৰ্কত টুইটাৰত ফ্লিপকাৰ্ট কৰ্তৃপক্ষক টেগ কৰি মই জনাওঁতে তেওঁলোকে চাৰিদিনৰ ভিতৰত এই সমস্যা সমাধান কৰিম বুলি জনায়। আৰু পইছা ঘূৰাই দিম বুলিও জনাই। মই পুনৰ ফ্লিপকাৰ্ট কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ লগত ফোনত কথা পাতোতে তেওঁলোকে দুদিনৰ ভিতৰত ইয়াক সমাধান কৰিম বুলি জানিবলৈ দিয়ে। আৰু আজি এটা মেচেজ আহে যে ২৬ তাৰিখৰ ভিতৰত অৰ্ডাৰটো পুনৰ মোৰ ঠিকনাত তেওঁলোকে প্ৰেৰণ কৰিব। ই সাধাৰণ মানুহক অতিষ্ঠ কৰে।”

লগতে চাওকঃ

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ৰােগী তথা আত্মীয়ই লাভ কৰিব বিনামূলীয়া খাদ্য!

মৰ্মান্তিক! বাছ আৰু অটােৰিক্সাৰ সংঘৰ্ষত ১২ অংগনৱাড়ী কৰ্মীসহ ১৩ জনৰ মৃত্যু

Leave a Comment