হাতীয়ে এফালৰ পৰা ধ্বংস কৰিলে কলৰ বাগান, স্পৰ্শ নকৰিলে চৰাইৰ বাহ থকা গছজােপাক!

হাতীয়ে এফালৰ পৰা ধ্বংস কৰিলে কলৰ বাগান, স্পৰ্শ নকৰিলে চৰাইৰ বাহ থকা গছজােপাক!

May 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আচলতে হাতীক জনা যায় সৰ্ব শক্তিমান জন্তু হিচাপে। বিশেষকৈ বনৰীয়া হাতীৰ জাকবােৰে চলােৱা ধ্বংসলীলা নাইবা আন আন কাৰ্য নিয়ন্ত্ৰণ কৰাটাে আনকি মানুহৰ বাবেও অতি জটিল।

হাতীয়ে একো নুবুজি ধ্বংসহে কৰে বুলি কয় সকলোৱে। কিন্তু তেনে এক শক্তিমান প্ৰাণীয়ে এইবাৰ দেখুৱালে মমতাৰ এক উজ্বল নিদৰ্শন।

পাহাৰৰ পৰা অহা এদল বনৰীয়া হাতীয়ে এফালৰ পৰা ধংস কৰি গৈছিল এখন কলৰ বাগান। কিন্তু সকলো কলগছ ধ্বংস কৰি এজোপা বিশেষ কলগছ একোৱেই নকৰিলে হাতীৰ দলটোৱে।

ইয়াৰ কাৰণ কি জানেনে? সেই কলগছ জোপাত আছিলে এটা চৰাইৰ বাঁহ সহ কেইটামান পোৱালি আৰু সেই দৃশ্য দেখি যেন অন্তৰ গলিল হাতীৰ জাকটোৰ।

তামিলনাডুৰ সেই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই, যিটো দৃশ্য বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

বিষয়াজনে কেপচনত লিখে, “সেই কাৰণেই হাতীক কোৱা হয় ভদ্ৰ প্ৰাণী। চৰাইৰ বাঁহ থকা গছজোপা বাদ দি বাকী সকলো গছ ধ্বংস কৰি পেলালে। ভগৱানৰ যে কি অতুলনীয় প্ৰকৃতি।”

ইপিনে, আন এগৰাকী বন বিষয়া পাৰবিন কাচৱানেও এই ভিডিঅ’ টুইট কৰি কয় ”হাতীৰ জাকে চৰাইৰ বাহ থকা কলগছ জােপাৰ বাহিৰে ধ্বংস কৰিলে সকলাে কলগছ! অবাক।”

উল্লেখ্য যে এই দৃশ্যই জীৱশ্ৰেষ্ঠ মানুহকো যেন শিকাই দিছে যে যদি ইটো প্ৰাণীয়ে সিটোৰ প্ৰতি চিন্তা নকৰে তেন্তে এই পৃথিৱীত যেন মমতা বুলি একোৱেই নাথাকিব।