কােন হ’ব মুখ্যমন্ত্ৰী? বিশেষ বিমানেৰে একেলগে নতুন দিল্লীলৈ উৰা মাৰিলে সৰ্বানন্দ-হিমন্ত বিশ্বই

নিউজ ডেস্ক। কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

যােৱা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘােষণাৰ পাছতাে এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীত্বক লৈ স্থিতি স্পষ্ট হােৱা নাই।

কিন্তু শেহতীয়াকৈ পােহৰলৈ অহা তথ্য অনুসৰি, শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বই ঘােষণা কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।

জানিব পৰা মতে, এই উদ্দেশ্যৰেই সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ জৰুৰী ভাৱে তলব কৰিছে কেন্দ্রীয় নেতৃত্বই।

কেন্দ্ৰীয় নেতৃত্বৰ এনে নিৰ্দেশনাৰ পাছতেই শনিবাৰে পুৱা ৭ঃ৩੦ মান বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ চাৰ্টাৰ বিমানেৰে নতুন দিল্লীলৈ একেলগে উৰা মাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

জানিব পৰা মতে, পুৱা ১০ঃ৩০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাদ্দাৰে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল তথা ডঃ হিমন্ত বিশ্ব শৰ্মা।

উক্ত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়েও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

এই বৈঠকৰ পাছতে মুখ্য মন্ত্ৰীৰ নাম ঘোষণাৰ সম্ভাৱনা আছে।

লগতে চাওকঃ

ৰাজ্যত এদিনতে আক্ৰান্ত ৫ সহস্ৰাধিক, ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে ৪৭ জন লােকে

Leave a Comment