হাতীয়ে শেষ শ্ৰদ্ধা জনালে মৃত মাউতক, দৃশ্য দেখি উঠিল কান্দোনৰ ৰোল

নিউজ ডেস্ক। সাধাৰণতে কোৱা হয় যে হাতী এবিধ জ্ঞানী প্ৰাণী। মানুহৰ দৰেই যেন দুখ, আৱেগ সকলো বুজি পায় হাতীয়ে। সেই কথা প্ৰায়ে প্ৰমাণ হৈ আহিছে হাতীৰ কিছু কাৰ্যই।

এইবাৰ তেনে এক দৃশ্যই পুনৰ প্ৰমাণ কৰিলে হাতীৰ বিশাল আৱেগক। যিটো দৃশ্য দেখি সকলোৱেই হৈ পৰিল আৱেগিক।

দৃশ্যটো কেৰেলাৰ কট্টায়ামৰ। সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে।

দৃশ্যটোত দেখা অনুসৰি, যোৱা ৩ জুনত দামোদৰন নাইৰ নামৰ এজন মাউতৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ ৰখা হয় ঘৰৰ বাৰাণ্ডাত। সেই সময়ত তেওঁৰ মৰমৰ হাতী পাল্লাটো ব্ৰহ্মদাথন আহে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ।

সেই অনুসৰি হাতীটোৱে শুঁৰ ডালেৰে দুখ মনেৰে শ্ৰদ্ধা জনায় তেওঁৰ মৰমৰ মাউতৰ প্ৰতি। হাতীটোৱেও যেন ভাগি পৰিছে নিজৰ মাউতৰ মৃত্যুত। সেই দৃশ্য দেখি উপস্থিত সকলোৱে শোকত ভাগি পৰে। লগে লগে উঠে কান্দোনৰ ৰোল।

পৰিস্থিতি দেখি মাউতৰ পুত্ৰই হাতী পাল্লাটো ব্ৰহ্মদাথনৰ শুৰ মোহাৰি পুনৰ পঠাই দিয়ে আঁতৰলৈ। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, দামোদৰন নাইৰে বিগত ৬০ বছৰ ধৰি মাউত হিচাপে কাৰ্য কৰি অহাৰ লগতে প্ৰশিক্ষণ দি আহিছে হাতীক। তেওঁৰ সৈতে যোৱা ২৫ বছৰে আছে পাল্লাটো ব্ৰহ্মদাথন। এই সময় ছোৱাত তেওঁৰ সৈতে সি অংশ লৈছিল বহুতো গুৰুত্বপূৰ্ণ অনুষ্ঠানত।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, দামোদৰন নাইৰে পাল্লাটো ব্ৰহ্মদাথনক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। দুয়োৰে মাজত আছিল এক নিবিড় সম্পৰ্ক। সকলোৱে পাল্লাটো ব্ৰহ্মদাথনক পৰিয়ালৰ এজন সদস্য হিচাপে ভাবি আহিছিল।

লগতে চাওকঃ

ক’ভিড-১৯ত সংক্ৰমিত সিংহৰ মৃত্যু, চিৰিয়াখানাত চিনাক্ত ৯ টা ক’ভিড পজিটিভ সিংহ-বাঘ

Leave a Comment