১ কঠা ৩ লেচা মাটি নামজাৰিৰ বাবে ১੦ হাজাৰ টকা উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল লাটমণ্ডল হৰি প্ৰসাদ দাস

১ কঠা ৩ লেচা মাটি নামজাৰিৰ বাবে ১੦ হাজাৰ টকা উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল লাটমণ্ডল হৰি প্ৰসাদ দাস

August 5, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাটি-বাৰীৰ নামজাৰিৰ লগতে ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্যান্য কাম-কাজৰ প্ৰক্ৰিয়া সৰল আৰু দুৰ্নীতিমুক্ত কৰিবলৈ বহু ব্যৱস্থা হাতত লৈছে।

বিশেষকৈ মিছন বসুন্ধৰা, ভূমিপূত্ৰ ইত্যাদি আঁচনিৰ জৰিয়তে জনসাধাৰণক এনে কাম-কাজৰ ক্ষেত্ৰত সকাহ দিয়াৰ প্ৰচেষ্টা চলাইছে।

কিন্তু ইয়াৰ পিছতাে অধিকাংশ ৰাজহ চক্ৰ কাৰ্যালয়তে একাংশ লাটমণ্ডলে অব্যাহত ৰাখিছে দুৰ্নীতি।

একাংশ লাটমণ্ডলে প্ৰত্যক্ষভাৱে নাইবা মধ্যভােগীৰ জৰিয়তে বিভিন্ন কামৰ বিনিময়ত দাবী কৰিছে উৎকােচ।

দুদিন পূৰ্বে কামৰূপ জিলাৰ নগৰবেৰাত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাই মদন নাথ নামৰ লাটমণ্ডলজনক ঘােচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে বৃহস্পতিবাৰে পুনৰ ভিজিলেঞ্চৰ জালত পৰে এজন লাটমণ্ডল।

এইবাৰ অভিযান চলিল চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।

জানিব পৰা মতে, এজন লােকৰ পৰা এক কঠা তিনি লেচা মাটি নামজাৰি কৰাৰ নামত উৎকোচ লোৱা সাপেখাতী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল হৰিপ্ৰসাদ দাসক ভিজিলেঞ্চৰ দলে গ্রেপ্তাৰ কৰে।

বৰহাটৰ মিছাজান নিবাসী উৎপল দত্তক মাটি নামজাৰি কৰাৰ বিনিময়ত ১০ হেজাৰ টকা দাবী কৰিছিল লাটমণ্ডল হৰিপ্ৰসাদ দাসে।

পাচত দত্তই দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰাত দুপৰীয়া আহি ৰাজহ কাৰ্যালয়ত ১০ হেজাৰ টকাৰ সৈতে হাতে-লোটে গ্রেপ্তাৰ কৰে লাটমণ্ডল হৰিপ্ৰসাদ দাসক।

গুৱাহাটীৰ পৰা অহা দহজনীয়া চি এম ভিজিলেন্সৰ দলটোৱে কেই বাঘণ্টা ধৰি সোধা-পোছা কৰাৰ অন্তত ঘোচখোৰ লাটমণ্ডলজনক গুৱাহাটীলৈ নিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।