২৫ হাজাৰ টকাৰ ঘােচ লৈ ৰঙাঘৰৰ আলহী হ’ল বৈধ পৰিমাপ বিভাগৰ নিয়ন্ত্ৰক…

নিউজ ডেস্ক। ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান।

দাবী কৰা উৎকােচ লৈ পুনৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল জােখ-মাপ বিভাগৰ এগৰাকী বিষয়া।

গুৱাহাটীৰ ৰামকৃষ্ণ মিছন পথত থকা কার্যালয়ত অভিযান চলাই ভিজিলেঞ্চৰ দলে হাতেলোটে গ্ৰেপ্তাৰ কৰে বিভাগটােৰ নিয়ন্ত্রক পৰ্যায়ৰ এগৰাকী বিষয়া।

গ্রেপ্তাৰ হোৱা বিষয়াজনৰ নাম শচীন্দ্র নাথ বৈশ্য বুলি জানিব পৰা গৈছে। তেওঁ বিভাগটােৰ নিয়ন্ত্ৰক পৰ্যায়ৰ বিষয়া।

শচীন্দ্র নাথ বৈশ্যই এখন অনুজ্ঞাপত্ৰ প্ৰদানৰ বিনিময়ত এজন ব্যক্তিৰ পৰা ২৫ হেজাৰ টকা দাবী কৰিছিল।

জোখ-মাপৰ সঁজুলি বিক্ৰী প্ৰতিষ্ঠান খোলাৰ বাবে অনুজ্ঞাপত্ৰৰ আবেদন কৰা লোকজনে উৎকোচ দিবলৈ অমান্তি হৈ ভিজিলেন্সৰ কাষ চাপে।

সেইমৰ্মে শুকুৰবাৰে বিয়লি প্রায় ৪.৪০ বজাত লোকজনে বৈধ পৰিমাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্যক তেওঁৰ কাৰ্যালয়ত ২০ হেজাৰ টকা উৎকোচ দিওঁতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ দলে।

অভিযানকাৰী দলে বিষয়াজনৰ কাৰ্যালয় কক্ষত তালাচী চলাই ৩,২৩,৮৫০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে।

লগতে তেওঁৰ বাসভৱনত তালাচী চলাই ভিজিলেন্সৰ দল এটাই ৩,১৯,০০০ টকা জব্দ কৰিছে।

অভিযুক্ত বিষয়াজনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ থানাত ১৬/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভিজিলেন্স বিষয়াজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

লগতে চাওকঃ

প্ৰৱঞ্চনাৰ গােচৰত এমাহৰাে অধিক সময় কাৰাবন্দী জােনমণি ৰাভাৰ জামিন লাভ, মুকলি হৈয়ে সাংবাদিকৰ আগত ক’লে এই কথা…

1 thought on “২৫ হাজাৰ টকাৰ ঘােচ লৈ ৰঙাঘৰৰ আলহী হ’ল বৈধ পৰিমাপ বিভাগৰ নিয়ন্ত্ৰক…”

Comments are closed.