৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! আৰক্ষী স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

নিউজ ডেস্ক। তিনি বছৰীয়া প্ৰেম, তাৰ পিছত বিবাহ! আৰু অৱশেষত স্বামীৰ চাৰ্ভিছ পিষ্টলৰ গুলীয়ে থকা সৰকা কৰিলে শৰীৰ!

পেটত চাৰিমহীয়া সন্তানটোৰ বাবে দেখা অলেখ সপোন থানবান হৈ পৰিল মাত্ৰ এটা মুহূৰ্তৰ ভিতৰত। পাৰিবাৰিক সংঘাতৰ পৰিণতিত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল জয়শ্ৰী চেতিয়াই।

দেওবাৰে নিশা প্ৰায় ১ বজাত নিচাগ্ৰস্ত স্বামীৰ হাতৰ চাৰ্ভিছ কাৰ্বাইন পিষ্টলৰ দুটা গুলীয়ে বুকু আৰু ডিঙিত আঘাত কৰে জয়শ্ৰী চেতিয়াৰ। যাৰ ফলত থিতাতে মৃত্যু ঘটে ২৯ বৰ্ষীয় মহিলাগৰাকীৰ।

উল্লেখ্য যে, ২০১৮ চনৰ ১২ আগষ্টত দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ডিব্ৰুগড়ৰ বিদেশী ন্যায়ালয়ীকৰণ আদালতৰ ন্যায়াধীশৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবল বিতুল চেতিয়া ওৰফে বিকি চেতিয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় চাবুৱাৰ ডঙ্গৰচুকৰ নিবাসী চতুকন চেতিয়া আৰু কৃষ্ণামণি চেতিয়াৰ তৃতীয় কন্যা জয়শ্ৰীয়ে।

প্ৰেমৰ সেই সফল পৰিণতিত যথেষ্ট সুখী হৈছিল জয়শ্ৰী। হাঁহি-আনন্দৰে স্বামীৰ সৈতে পাৰ কৰিছিল সময়।

কিন্তু তেওঁলোকৰ সুখৰ সংসাৰত যেন লাহে লাহে নামি আহিছিল দুখৰ ছাঁয়াও। বিভিন্ন কাৰণত বিকি আৰু জয়শ্ৰীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ। তাৰ মাজতেই জয়শ্ৰীৰ গৰ্ভত থিতাপি লৈছিল এটা নতুন জীৱনে।

গৰ্ভৰ সন্তানটোৰ বাবে অলেখ সপোন দেখিছিল জয়শ্ৰীয়ে। স্বামীৰ সৈতে বাঢ়ি অহা সংঘাতকো তেওঁ আওকান কৰিব বিচাৰিছিল একমাত্ৰ গৰ্ভৰ সন্তানটোৰ বাবে। কিন্তু সেয়া হৈ নুঠিল।

দেওবাৰে নিশা সুৰাসক্ত হৈ চৰকাৰী আৱাসত প্ৰৱেশ কৰা স্বামীৰ পিষ্টলৰ গুলীয়ে বিদ্ধ কৰি পেলায় জয়শ্ৰী চেতিয়াক।

ইফালে নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জয়শ্ৰীৰ নিথৰ শৰীৰ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে এএমচিলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাৰী বিকিৰ চাৰ্ভিছ কাৰ্বাইন বন্দুকটোৰ লগতে দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।

নিশাই হত্যাকাৰী কনিষ্টবলজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমবাৰে আদালতত হাজিৰ কৰোৱায়। আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বিকি চেতিয়াক।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, ইতিমধ্যে পাৰিবাৰিক সংঘাতৰ বাবে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বিকি চেতিয়াই।

আনহাতে হাঁহিমুখীয়া জয়শ্ৰীৰ এই হত্যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

শোকত ভাগি পৰিছে তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়াল। বিভিন্ন দল-সংগঠনেও হত্যাকাৰী বিকি চেতিয়াক ফাঁচী প্ৰদানৰ দাবী উত্থাপন কৰিছে।

লগতে চাওকঃ

সঁচা প্ৰেম! হাস্পতালৰ বিচনাতে প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল জটিল ৰােগত আক্ৰান্ত ফাহমিদা…

Leave a Comment