৪১ বছৰৰ অন্তত অলিম্পিকত পদক জয় ভাৰতীয় পুৰুষ হকী দলৰ

নিউজ ডেস্ক। পুৱাই অলিম্পিকৰ পৰা আহি ভাল খবৰ। টকিঅ’ত ভাৰতৰ ইতিহাস ৰচনা।

অলিম্পিকত বিৰাট কীৰ্তি মনপ্রীত সিঙৰ ভাৰতীয় হকী দলৰ।

ভাৰতীয় পুৰুষ হকী দলৰ অলিম্পিকত ৪ দশকৰ অন্তত পদক জয়।

ছেমিফাইনেলত ভাৰতে জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি লাভ কৰিছে ব্ৰঞ্জৰ পদক।

এই খেলখন আছিল যথেষ্ট উত্তেজনাময়।

প্ৰথম দুই কোৱাৰ্টাৰত ভাৰতৰ ওপৰত চাপ বজায় ৰাখিছিল জাৰ্মানীয়ে।

৩-১ গলৰ ব্যৱধানত আগবাঢ়িও আছিল জাৰ্মানী। কিন্তু মেচত দুৰ্দান্তভাৱে কাম বেক কৰে ভাৰতীয় দল।

শেষ পৰ্যন্ত ৫-৪ গলৰ ব্যৱধানত জয়লাভ কৰে ভাৰতীয় দলটো।

খেলখনত চিমৰণজিৎ সিঙে দুটা গ’ল দিছিল।

Leave a Comment