৪ মুছলমান পৰিয়ালৰ বাবে মছজিদ নিৰ্মাণত নামিল শিখ আৰু হিন্দু পৰিয়ালৰ লােক

নিউজ ডেস্ক। সম্প্ৰীতিৰ এক চানেকী দাঙি ধৰিছে পাঞ্জাৱৰ মুগা জিলাৰ ভূলাৰ গাঁৱৰ ৰাইজে।

জানিব পৰা মতে, গাওঁখন মূলতঃ শিখ ধৰ্ম প্ৰধান লোকৰ বসতি স্থান। ইয়াৰোপৰি কিছু সংখ্যক হিন্দু লোক আছে গাঁওখনত।

কিন্তু তাৰ মাজতে গাঁওখনত আছে চাৰিটা মুচলমান পৰিয়াল। যিকেইটা পৰিয়াল ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়তে ভাৰতৰ সৈতে থকাৰ ইচ্ছা কৰিলে।

গাঁওখনত আটাইয়ে মিলা-প্ৰীতিৰে বাস কৰি আহিছে। গাঁওখনত ৭ টা গুৰদ্বাৰ থকাৰ লগতে দুটা মন্দিৰ আছে। কিন্তু গাওঁখনত নাই মছজিদ। মুচলমান পৰিয়াল কেইটাৰ বাবে নাই কোনো উপাসনাস্থলী।

সেয়েহে গাওঁবাসীয়ে আলোচনা কৰি তেওঁলোকৰ বাবে এটা মছজিদ নিৰ্মাণৰ চিন্তা কৰিলে। গাঁৱৰ সকলোৱে ১০০ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত বৰঙণি দিলে মছজিদটো নিৰ্মাণৰ বাবে। যোৱা দেওবাৰৰ পুৱা মছজিদটোৰ আধাৰশিলা অনুষ্ঠানৰ আয়োজন কৰিছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে সেই স্থানত সম্পন্ন কৰিব নোৱাৰিলে সেই অনুষ্ঠান।

সেয়েহে গাওঁবাসীয়ে আলোচনা কৰি গুৰুদ্বাৰত সেই অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত লয়। আৰু গুৰুদ্বাৰৰ দুৱাৰ মুকলি কৰি সেই অনুষ্ঠান আয়োজন কৰা হয়।

এই সন্দৰ্ভত গাঁওখনৰ মুখিয়াল পালা সিঙে কয়, “দেশ বিভাজনৰ সময়ত অঞ্চলটোত এক মছজিদ আছিল। কিন্তু পিছলৈ ই ক্ষতিগ্ৰস্ত হৈ পৰে। আমাৰ গাওঁখনত চাৰিটা মুচলমান পৰিয়াল আছে। বিভাজনৰ সময়ৰ পৰাই তেওঁলোক আছে। তেতিয়াৰ পৰাই আমি শিখ, হিন্দু, মুচলমান সকলো একতাৰে আছো।”

তেওঁ লগতে কয় যে, “গাওঁবাসীয়ে চিন্তা কৰিলে যে তেওঁলোকৰ বাবেও এক উপাসনাৰ থলী হওক। সেয়েহে সকলোৱে মিলি য’ত আগৰ মছজিদটো আছিল, তাতে এটা মছজিদ নিৰ্মাণৰ সিদ্ধান্ত লয়। সেই অনুসৰি অতি কম সময়ৰ ভিতৰতে সকলো যোগাৰ কৰা হয়। সকলো ধৰ্মৰ লোকে একেলগে এই কামত সহযোগ কৰে। গাঁওখনত ই হব দশমটো উপাসনাস্থলী।”

Leave a Comment