৫৯ বছৰতো যুৱতীৰ দৰে ৰেম্পত খোজ অধ্যাপিকাৰ

নিউজ ডেস্ক। একাগ্ৰতা আৰু আত্মবিশ্বাস প্ৰৱল হ’লে ইস্পিত লক্ষ্যত উপনীত হ’বলৈ বয়সেও বাধা দি ৰাখিব নোৱাৰে।

সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰিলে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিভাগৰ মুৰব্বী অধ্যাপিকা ৫৯ বছৰীয়া ড০ দীপালী দাসে।

অলপতে নতুন দিল্লীৰ ‘ক্ৰাউন প্লাজা’ত অনুষ্ঠিত মিছেছ ইণ্ডিয়া ইণ্টাৰনেছনেল কুইন, ২০২০ সৌন্দৰ্য প্ৰতিযোগিতাত ড০ দাসে ‘মিছেছ ইণ্ডিয়া ডিলিজেণ্ট’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

এগৰাকী লেখিকা, অভিনেত্ৰী আৰু নৃত্য শিল্পীৰূপে পৰিচয় থকা ড০ দাসে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ আফ্ৰিকা, ছিংগাপুৰ আৰু বাংলাদেশতো নৃত্য প্ৰদৰ্শন কৰি সন্মানিত হৈছে।

২০১৯ত তেওঁ ‘মাল্টিফেচেটেড ওমেন অৱ আছাম’ তথা ‘ওমেন অৱ দ্যা ইয়াৰ, ২০১৯’ আৰু ২০২০ত ওমেন অৱ দ্যা চাবষ্টেঞ্চ’ বঁটাৰে সন্মানিত হয়।

শেহতীয়া সফলতাৰ সন্দৰ্ভত ড০ দাসে কয় যে তেওঁ প্ৰতিযোগিতাৰ বিভিন্ন ৰাউণ্ডত অসমৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলাইছিল।

বিশেষকৈ সত্ৰীয়া নৃত্যত ভোৰতাল নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা লাভ কৰে।

প্ৰতিযোগীতা আয়োজন গোষ্ঠীয়ে মন্তব্য কৰে যে ড০ দাস বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ড০ ডিগ্ৰীধাৰী মহিলা যিয়ে ৫৯ বছৰতো তেওঁতকৈ যথেষ্ট কম বয়সীয়া প্ৰতিযোগিৰ সমানে ‘ৰেম্পৱাক’ কৰিবলৈ সক্ষম হৈছিল।

2 thoughts on “৫৯ বছৰতো যুৱতীৰ দৰে ৰেম্পত খোজ অধ্যাপিকাৰ”

Leave a Comment