৫ বছৰতে বিবাহ বিচ্ছেদ, প্ৰশাসনিক সেৱাৰ পৰীক্ষাত পৌৰ সভাৰ চাফাই কৰ্মী ‘আশা’ৰ সাফল্য

নিউজ ডেস্ক। একাগ্ৰতা আৰু প্ৰৱল ধাউতি থাকিলে সকলো কামেই সম্ভৱ।

সেই কথা প্ৰমাণ কৰিলে পৌৰ নিগমৰ এগৰাকী মহিলা চাফাই কৰ্মীয়ে। যিয়ে নিজৰ জীৱনৰ বহুতো প্ৰত্যাহ্বান অতিক্ৰম কৰি প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়।

তেওঁ বিবাহৰ পিছত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ দুই সন্তানৰ মাতৃয়ো। ইয়াৰোপৰি বিবাহৰ ৫ বছৰৰ পিছত তেওঁক এৰি দিছিল স্বামীয়ে।

টকাৰ অভাৱত তেওঁ যোগ দিছিল পৌৰ সভাৰ চাফাই কৰ্মী হিচাপে। আৰু আজি তেওঁ সকলো প্ৰত্যাহ্বান নেওচি হয় এখন জিলাৰ অতিৰিক্ত উপায়ুক্ত।

সকলোৰে বাবে উদাহৰণ হোৱা এই মহিলা গৰাকীৰ নাম হল আশা কান্দাৰা। ঘৰ ৰাজস্থানৰ যোধপুৰত। সদ্য ঘোষিত ৰাজস্থান প্ৰশাসনিক সেৱা-২০১৮ ৰ পৰীক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয়। যাৰফলত তেওঁ হয় এজন প্ৰশাসনিক বিষয়া।

জানিব পৰা মতে, আশা বিবাহ পাশত আৱদ্ধ হৈছিল ১৯৯৭ চনত। স্বামী আৰু দুটি সন্তান সহ তেওঁৰ আছিল চাৰিজনীয়া পৰিয়াল। বিবাহৰ ৫ বছৰৰ পিছত তেওঁক স্বামীয়ে বিচ্ছেদ দি গুচি যায়। তেতিয়াই তেওঁৰ জীৱনলৈ নামি আহিছিল অন্ধকাৰ।

সেই সময়ত তেওঁ কি কৰিব কি নকৰিব একোৱেই ভাবি পোৱা নাছিল। তেনেদৰেই কিছুদিন থাকে তেওঁ। পৰৱৰ্তী সময়ত অভাৱৰ সন্মুখীন হৈ উপায়ন্তৰ হৈ দুই সন্তান সহ তেওঁ ঘূৰি আহিছিল পিতৃ গৃহলৈ। তেওঁৰ পিতৃ ৰাজেন্দ্ৰ কান্দাৰা আছিল একাউণ্টেণ্ট সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰা ব্যক্তি।

পিতৃ গৃহলৈ আহি আশাই সংকল্প লয় কিবা এটা কৰাৰ। তেওঁ এজন প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সংকল্প লয়। সেই অনুসৰি তেওঁ দুই সন্তানৰ মাতৃ হৈয়ো পুনৰ অধ্যয়নত নামি পৰে। তেওঁৰ নাছিল স্নাতক ডিগ্ৰী। সেয়েহে তেওঁ প্ৰথমতে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰে। ২০১৬ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় থাকে।

তাৰ পিছতেই তেওঁ ২০১৮ চনৰ ৰাজস্থান প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে আবেদন কৰে। কিন্তু সেই সময়ত তেওঁৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। সেয়েহে সন্তানৰ পোহপাল আৰু ঘৰৰ সুবিধাৰ বাবে তেওঁ পৌৰ নিগমৰ চাফাই কৰ্মী পদৰ বাবেও আবেদন কৰে। তাৰ পিছতেই তেওঁ প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমচত অৱতীৰ্ণ হয়। আৰু সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ১২ দিনৰ পিছতেই তেওঁ যোধপুৰ পৌৰ নিগমৰ চাফাই কৰ্মী হিচাপে নিযুক্তি লাভ কৰে।

সেয়েহে তেওঁ চাফাই কৰ্মীৰ কাম কৰি যায়। তেনেদৰেই তেওঁ সেই কামৰ লগতে প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলায় যায়। প্ৰায় দুবছৰ দিন তেওঁ সেই পৰীক্ষাৰ প্ৰক্ৰিয়া সমূহত অৱতীৰ্ণ হয়। আৰু অৱশেষত মংগলবাৰে আশাৰ সপোন পূৰণ হয়। দুবছৰৰ পিছত সেই পৰীক্ষাৰ সকলোতে সফলতাৰে উত্তীৰ্ণ হৈ তেওঁ অতিৰিক্ত উপায়ুক্ত পদত নিযুক্তি লাভ কৰে।

আশাই কয় যে, “পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত মই নিশ্চিত আছিলো যে মই বাছনি হ’ম। যিমান কষ্ট হলেও মই ফলৰ বাবে কষ্ট কৰি যোৱাৰ সংকল্প লৈছিলো। মই কঠিন পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰিছিলো আৰু সেয়েহে সফলতা লাভ কৰিলো।”

Leave a Comment