ৰঙা ৰঙৰ ভেণ্ডি, প্ৰতি কিলোৰ দৰ ৮০০ টকা পৰ্যন্ত…

ৰঙা ৰঙৰ ভেণ্ডি, প্ৰতি কিলোৰ দৰ ৮০০ টকা পৰ্যন্ত…

September 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ভেণ্ডি। ভাৰতীয় বজাৰত এক বিশেষ চাহিদা থকা পাচলি হৈছে ভেণ্ডি। য’ত থাকে যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন।

সাধাৰণতে ভেণ্ডি দেখাত সেউজীয়া বৰণৰ আৰু লাহি হয়। কিন্তু বৰ্তমান উদ্ভৱ হৈছে এক ব্যতিক্ৰমী ভেণ্ডিৰ। যিবিধ দেখাত ৰঙা ৰঙৰ।

এই ব্যতিক্ৰমী ভেণ্ডি বিধ দেখা পোৱা গৈছে মধ্য প্ৰদেশৰ ভূপালৰ খাজুৰী কালানৰ এজন খেতিয়কৰ বাৰীত। এই খেতিয়ক জনৰ নাম হৈছে মিশ্ৰিলাল ৰাজপুত।

photo-2021-09-07-13-23-10

এই ব্যতিক্ৰমী ভেণ্ডিৰ খেতি কৰি তেওঁ এতিয়া দখল কৰিছে বাতৰিৰ শিৰোনাম। কিয়নো বজাৰত তেওঁৰ ভেণ্ডিৰ মূল্য সাধাৰণ ভেণ্ডিতকৈ বহুগুণে বেছি আৰু এই বিশেষ ৰঙা ভেণ্ডিৰ খেতিয়ে তেওঁক বহু পৰিমাণে লাভান্বিত কৰি তুলিছে। তেওঁৰ প্ৰতিকিলো ভেণ্ডিৰ দাম হৈছেগৈ ৮০০ টকা পৰ্যন্ত। বৰ্তমান বহু দূৰ দূৰণিৰ পৰা অহা কৃষকে মিশ্ৰিলাল ৰাজপুতৰ পৰা ৰঙা ভেণ্ডি খেতিৰ বিষয়ে জানিবলৈ আহিছে।

এই খেতিৰ প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয়, “মই বাৰাণসীৰ এখন কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা ১ কিলোগ্ৰাম বীজ ক্ৰয় কৰিছিলো। মই জুলাইৰ প্ৰথম সপ্তাহত ইয়াক সিঁচিছিলো। প্ৰায় ৪০ দিনৰ ভিতৰত ই বাঢ়িবলৈ আৰম্ভ কৰিছিল।”
ৰাজপুতৰ মতে, ৰঙা ভেণ্ডিৰ খেতিৰ সময়ত তেওঁ কোনো ক্ষতিকাৰক কীটনাশক ব্যৱহাৰ কৰা নাছিল। ৰাজপুতে কয় যে এক একৰ মাটিত নিম্নতম ৪০-৫০ কুইণ্টল আৰু সৰ্বাধিক ৭০-৮০ কুইণ্টল খেতি কৰিব পৰা যায়।
তেওঁৰ ভেণ্ডিৰ বিক্ৰী আৰু মূল্য সন্দৰ্ভত কয়, “এই ভেণ্ডি সাধাৰণ ভেণ্ডিতকৈ ৫-৭ গুণ অধিক ব্যয়বহুল। কিছুমান মলত ইয়াক প্ৰতি ২৫০ গ্ৰাম/৫০০ গ্ৰামত ৭৫-৮০ টকাৰ পৰা ৩০০-৪০০ টকালৈ বিক্ৰী কৰা হৈছে।”

76c0a51f5a12a36acac125c1e85e80ef1630996580

তেওঁ কয়, “মই কৰা ভেণ্ডি সাধাৰণ সেউজীয়া ৰঙৰ সলনি ৰঙা ৰঙৰ। ই সেউজীয়া ভেণ্ডিতকৈ অধিক উপকাৰী আৰু পুষ্টিকৰ। হৃদযন্ত্ৰ, ৰক্তচাপ, ডায়েবেটিচ, উচ্চ কলেষ্টেৰলৰ সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে ই অত্যন্ত ভাল।”