ৰাজ ফেটী সাপ উদ্ধাৰ অভিযানত ঘটিল এই ঘটনা, ভিডিঅ’ ভাইৰেল…

নিউজ ডেস্ক। জন্তুৰ সৈতে মুখামুখি হোৱাটো কেতিয়াবা বিপদজনক হ’ব পাৰে। আনকি অভিজ্ঞ বা বিশেষজ্ঞৰ বাবেও ই হৈ পৰিব পাৰে বিপদজনক।

বৰ্তমান তেনে এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত দেখা পোৱা গৈছে এক প্ৰকাণ্ড ৰাজ ফেঁটী সাপ উদ্ধাৰ কৰিবলৈ গৈ একেবাৰে ওচৰত মুখামুখি হল উদ্ধাৰকাৰী। যি সময়ত সাপডালে তুলি আহিছিল ফনা।

সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যটোত দেখা অনুসৰি, সৰ্প উদ্ধাৰকাৰী জন থিয় হৈ আছে দৰ্জাৰ বাহিৰত।

ফেঁটী সাপডালৰ নেগুৰ ডালো ওলাই আছিল দৰ্জাৰ বাহিৰত। তেওঁ সাপডালৰ নেগুৰ ডাল ধৰি লয় হাতেৰে। কিন্তু সেই সময়তে উদ্ধাৰকাৰীজনে নেগুৰত ধৰি সাপ উদ্ধাৰ কৰা বিশেষ অস্ত্ৰ ডাল হাতত লোৱাৰ আগতেই সাপডাল বেগেৰে ফনা তুলি ওলাই আহে বাহিৰলৈ।

তেওঁ সাপডাল টানি আনিবলৈ নাপালেই কোনো সুবিধা। প্ৰায় ৪ ফুট মান উচ্চতাত ফনা তুলি ওলাই আহে ৰাজ ফেঁটী সাপডাল।

এই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে। তেওঁ এই সন্দৰ্ভত সকলোকে সজাগ হ’বলৈ কয়। তেওঁ কয়, “তেনেকৈ সাপ উদ্ধাৰ কৰিব নালাগে, বিশেষকৈ যদি সেইয়া ৰাজ ফেঁটী হয়।”

উল্লেখ্য যে এই দৃশ্য প্ৰায় ৪ সপ্তাহৰ পূৰ্বৰ বুলি জানিব পৰা যায়। কৰ্ণাটকৰ বেলথানগেডি অঞ্চলৰ এঘৰ লোকৰ বাথৰূমত প্ৰৱেশ কৰিছিল এই ফেঁটী সাপডালে। যিডাল ১৪ ফুট দৈৰ্ঘ্যৰ ৰজা ফেঁটী বুলি জনা যায়।

স্থানীয় সৰ্প বিশেষজ্ঞ তথা সৰ্প উদ্ধাৰকাৰী অশোকক সাপডাল বাথৰূমৰ পৰা উদ্ধাৰ কৰিবলৈ মতা হৈছিল। আৰু তেতিয়াই এই দৃশ্য বন্দী হৈছিল কেমেৰাত।

স্থানীয় সংবাদ মাধ্যম অনুসৰি, সাপডাল পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি ওচৰৰ হাবিত এৰি দিয়া হয়।

নেচনেল জীয়’গ্ৰাফীৰ মতে, “ৰাজ ফেঁটী হৈছে বিশ্বৰ অন্যতম অতি বিষাক্ত সাপ। যিয়ে বহু উচ্চতালৈকে থিয় হব পৰে আৰু ইয়াৰ চকুৱে এজন ব্যক্তিক সম্পূৰ্ণৰূপে চাব পাৰে। যেতিয়াই ৰজা ফেঁটী মানুহৰ মুখামুখি হয়, তেতিয়া ই নিজৰ শৰীৰৰ এক তৃতীয়াংশ মাটিৰ পৰা ওপৰলৈ উঠাব পাৰে আৰু আক্ৰমণ কৰিবলৈ আগবাঢ়ি যাব পাৰে। ৰাজ ফেঁটীয়ে সদায় যিমান সম্ভৱ সিমানেই মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে।”

লগতে চাওকঃ

Leave a Comment