ৰবি দাহিয়ালৈ হাৰয়ানা চৰকাৰৰ ৪ কোটি টকা, প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে বিভিন্ন সা-সুবিধা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত বৃহস্পতিবাৰে মল্লযুঁজত ৰূপৰ পদক লাভ কৰিছিল ৰবি দাহিয়াই।

ৰাছিয়াৰ প্ৰতিদ্বন্দীক ৫৭ কিলোগ্ৰাম শাখাত ৭-৪ ব্যৱধানত হৰুৱাই তেওঁ লাভ কৰিছিল ৰূপৰ পদক।

তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতেই অজস্ৰজনে তেওঁক জনাইছিল শুভেচ্ছা।

দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানা চৰকাৰেও তেওঁক জনাইছিল উষ্ম অভিনন্দন।

তেওঁৰ এই অনবদ্য অৱদানৰ বাবে হাৰিয়ানাৰ চৰকাৰে তেওঁলৈ আগবঢ়ালে পুৰস্কাৰ।

মল্লযোদ্ধাজনক পুৰস্কাৰ হিচাপে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৪ কোটি টকা।

কেৱল সেইয়াই নহয়, তেওঁৰ অৱদানৰ বাবে তেওঁক আগবঢ়াব ঘৰ সাজিব পৰা এটুকুৰা মাটি আৰু ৰাজ্য চৰকাৰৰ এটা প্ৰথম শ্ৰেণীৰ চাকৰি।

এই কথা ঘোষণা কৰি আৰু মল্লযোদ্ধাজনক প্ৰশংসা কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয়, “হাৰিয়ানাৰ সন্তানে ৰূপৰ পদক জয় কৰিলে। তেওঁৰ বিজয়ক মই প্ৰশংসা কৰিছো আৰু অভিনন্দন জনাইছো। হাৰিয়ানা চৰকাৰৰ নীতি অনুসৰি তেওঁক এটা প্ৰথম শ্ৰেণীৰ চাকৰি আৰু ৫০% ৰেহাইত তেওঁৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই এটুকুৰা মাটি প্ৰদান কৰা হ’ব। মই এইটোও ঘোষণা কৰি কৰো যে তেওঁৰ গাঁও নাহৰিত এটা মল্ল যুঁজৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। ৰূপৰ পদকৰ বাবে দাহিয়াই নগদ ৪ কোটি টকা লাভ কৰিব।”

Leave a Comment