ৰভাতলীত দৰাৰ সন্মুখতে ভয়ংকৰ কাণ্ড কৰিলে কইনাৰ প্ৰাক্তন প্ৰেমিক, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ ৰভাতলীত অঘটন!

ৰভাতলীত আচম্বিতে প্ৰৱেশ ঘটিল কইনাৰ প্ৰাক্তন প্ৰেমিকৰ, তাৰ পিছতে ঘটিল অভাৱনীয় ঘটনা।

দৰাৰ সন্মুখতে প্ৰাক্তন প্ৰেয়সীৰ ডিঙিত প্ৰেমিকে পিন্ধালে বৰমালা, আনকি প্ৰেয়সীৰ সেউতাত সেন্দুৰ দিয়াৰো চেষ্টা চলায় প্ৰাক্তন প্ৰেমিকে।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিহাৰৰ এখন বিবাহথলীত।

বিহাৰৰ নালন্দা জিলাৰ এখন বিবাহ অনুষ্ঠানত হঠাৎ প্ৰৱেশ কৰা কইনাৰ প্ৰাক্তন প্ৰেমিকে সৃষ্টি কৰে হুলস্থূলৰ।

ঘটনাৰ বিৱৰণী অনুসৰি, হৰনৌত আৰক্ষী থানাৰ অন্তৰ্গত মুবাৰকপুৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল একে গাঁৱৰে মুকেশ নামৰ এজন যুৱকৰ।

কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে তেওঁলোকৰ প্ৰেমত অসন্মতি জনাই আন এজনৰ সৈতে যুৱতীগৰাকীৰ বিয়া ঠিক কৰে।

বিয়াৰ নিৰ্দিষ্ট দিনটোত কইনাৰ ঘৰত দৰা আহি উপস্থিত হোৱাৰ সময়তে ৰভাতলীত প্ৰৱেশ ঘটে প্ৰাক্তন প্ৰেমিক মুকেশৰো।

যুৱকজনে চিধাই প্ৰেয়সী যুৱতীগৰাকীৰ ডিঙিত বৰমালা পিন্ধোৱাৰ লগতে সেন্দুৰ দিয়াৰো চেষ্টা চলায়।

ইফালে এই ঘটনাত স্তম্ভিত হৈ পৰা কইনা ঘৰৰ পৰিয়ালে কৰায়ত্ব কৰি প্ৰহাৰ কৰে মুকেশে।

আনহাতে এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত দৰাই বিয়া কৰাবলৈ অস্বীকাৰ কৰাত ঘটনাক কেন্দ্ৰ পুনৰ সৃষ্টি হয় হূলস্থূলীয়া পৰিৱেশৰ।

অইনফালে কইনাপক্ষৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান বিহাৰৰ শ্বৰীফৰ সদৰ চিকিৎসায়লত চিকিৎসাধীন হৈ আছে মুকেশ।

যুৱতীগৰাকীৰ পৰিয়ালে মুকেশৰ সৈতে যুৱতীগৰাকীৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছে।

ইতিমধ্যে দুয়োপক্ষৰ পৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ

প্ৰৱঞ্চনাৰ গােচৰত এমাহৰাে অধিক সময় কাৰাবন্দী জােনমণি ৰাভাৰ জামিন লাভ, মুকলি হৈয়ে সাংবাদিকৰ আগত ক’লে এই কথা…

এইখন অসমৰে ঘটনা! শ্ৰেণীকোঠাত ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…

1 thought on “ৰভাতলীত দৰাৰ সন্মুখতে ভয়ংকৰ কাণ্ড কৰিলে কইনাৰ প্ৰাক্তন প্ৰেমিক, তাৰ পিছত ঘটিল এই ঘটনা…”

Comments are closed.