এইখন অসমৰে ঘটনা! শ্ৰেণীকোঠাত ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…

নিউজ ডেস্কঃ প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল।

এই প্ৰেমেই কৰ্ম জীৱনত যতি পেলালে এগৰাকী শিক্ষকৰ। শ্ৰেণীকোঠাত চিনেমাৰ কায়দাত ছাত্ৰীক গোলাপ যাঁচি নিলম্বিত হ’বলগীয়া হ’ল প্ৰেমিক শিক্ষক।

এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ কেন্দ্ৰত।

ছাত্ৰীক প্ৰেমৰ প্ৰস্তাত দিয়াৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে প্ৰতিষ্ঠানখনৰ পৰা নিলম্বন কৰা হয় শিক্ষকজনক।

আনহাতে লাজে লাজে শিক্ষকৰ পৰা গোলাপ উপহাৰ লোৱা ছাত্ৰীগৰাকী আৰু সেই সময়ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাসকলকো ৭ দিনৰ বাবে বহিস্কাৰ কৰা হ’ল প্ৰতিষ্ঠানখনৰ পৰা।

এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে- এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ হৰ্ষোল্লাসৰ মাজেৰে আঁঠু কাঢ়ি গোলাপ যাঁচিছে এগৰাকী ছাত্ৰীক।

সেই ভিডিঅ’টো উপস্থিত দুই-এক ছাত্ৰই মোবাইল কেমেৰাত আৱদ্ধ কৰিছিল। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পদক্ষেপ গ্ৰহণ কৰে প্ৰতিষ্ঠানখনে।

শ্ৰেণীকোঠাৰ পাঠদান এৰি প্ৰেমত হাবুডুবু খোৱা এই শিক্ষক-ছাত্ৰীৰ আচৰণে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমতো।

লগতে চাওকঃ

টিফিন খাবলৈ বিদ্যালয়ৰ চৌহদত থকা গছৰ তলত বহিছিল হীৰাক্ষী, তেনে সময়তে ঘটিল কৰুণ ঘটনা…

ৰভাতলীত দৰাৰ সন্মুখতে ভয়ংকৰ কাণ্ড কৰিলে কইনাৰ প্ৰাক্তন প্ৰেমিক, তাৰ পিছত ঘটিল এই ঘটনা…