ৰহস্য ফাদিল! পিতৃয়ে বাইক কিনি নিদিয়াৰ বাবেই বন্ধুৰ সৈতে মিলি অপহৰণৰ নাটক ৰচিছিল যোৰহাটৰ অমৰজিতে, গ্ৰেপ্তাৰ

ৰহস্য ফাদিল! পিতৃয়ে বাইক কিনি নিদিয়াৰ বাবেই বন্ধুৰ সৈতে মিলি অপহৰণৰ নাটক ৰচিছিল যোৰহাটৰ অমৰজিতে, গ্ৰেপ্তাৰ

December 1, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পিতৃয়ে বাইক কিনি নিদিয়াৰ বাবেই বন্ধুৰ সৈতে মিলি নিজেই অপহৰণৰ নাটক ৰচিলে এজন কিশোৰে।

শেহতীয়াকৈ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুই বন্ধুক।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰে পৰা এক অপহৰণ কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যোৰহাটৰ ৰাজাবাৰীত।

অমৰজিৎ প্ৰসাদ নামৰ এজন কিশোৰৰ অপহৰণ কাণ্ডক লৈ পৰিয়াল আৰু আৰক্ষীৰ মাজতো হাহাকাৰ লাগে।

আনহাতে অপহৰণকাৰীয়ে কিশোৰজনৰ পিতৃৰ পৰা ৫০ লাখ টকাৰ মুক্তিপণ দাবী কৰাৰ তথ্যও পোহৰলৈ আহে।

কিন্তু সময় বাগৰাৰ লগে লগে পোহৰলৈ আহে এই অপহৰণকাণ্ডৰ প্ৰকৃত ৰহস্য।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অমৰজিৎ প্ৰসাদ নামৰ যুৱকজনে নিজেই বন্ধুৰ সৈতে মিলি ৰচনা কৰিছিল অপহৰণৰ নাটক।

পিতৃয়ে বাইক কিনি নিদিয়াৰ বাবেই অমৰজিতে বন্ধু ৰমেশ চাহুৰ সৈতে মিলি এই অপহৰণৰ নাটক ৰচে।

অমৰজিতে পিতৃ ৰাধেশ্যাম প্ৰসাদৰ পৰা প্ৰথমে ৫০ লাখ টকা দাবী কৰে যদিও পিছত ফোনত দৰদাম কৰি ৫ লাখ টকা নিবলৈ আহোতেই গ্ৰেপ্তাৰ হয় আৰক্ষীৰ হাতত।

বৰ্তমান আৰক্ষীয়ে অমৰজিৎ আৰু ৰাহুল দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।