ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 ম্ৰিয়া…

নিউজ ডেস্ক। ধ্বংসস্তুপত বিলীন হল বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফটখন।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত ৰাছিয়ান সেনাই ধ্বংস কৰে সৰ্ববৃহৎ এয়াৰক্ৰাফট এন্ট’ন’ভ-২২৫ ম্ৰিয়া (AN-225 Mriya)।

ইউক্ৰেইনৰ ফালৰ পৰা সদৰী কৰা অনুসৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰি ৰাজধানী কিয়েভত ধ্বংস কৰে ইউক্ৰেইনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট খন।

উল্লেখ্য যে, AN-225 Mriya এয়াৰক্ৰাফট ১৯৮০ দশকত ছোভিয়েট ইউনিয়নৰ ভিতৰত ইউক্ৰেইনৰ এছ.এছ.আৰ.-ত এণ্টনভ ডিজাইন ব্যুৰোৰ দ্বাৰা ডিজাইন কৰা হৈছিল।

মূলতঃ, বুৰান শ্ৰেণীৰ অৰ্বিটাৰ পৰিবহনৰ বাবে এই অনন্য বিমানখন নিৰ্মান কৰা হৈছিল। ইয়াৰ ছোভিয়েট সামৰিক অভিযান সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত, আঠ বছৰৰ বাবে কাৰ্যত ব্যৱহৃত কৰা হয়।

তাৰ পিছত এয়াৰক্ৰাফটখনৰ পুনৰ্নিৰ্মাণ কৰা হয় আৰু এণ্টনভ এয়াৰলাইনছৰ সৈতে বাণিজ্যিক কাৰ্যকলাপত পুনৰ প্ৰৱৰ্তন কৰা হয়।

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট হিচাপে পৰিচিত এণ্টনভ AN-225 Mriyaৰ নামত একাধিক ৰেকৰ্ড আছে। এই বিমানখন এতিয়ালৈকে নিৰ্মাণ কৰা আটাইতকৈ গধুৰ বিমান হোৱাৰ উপৰিও কাৰ্যকৰী সেৱাত ব্যৱহৃত বিমানৰ সৰ্ববৃহৎ উইংছপেন আছিল

২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণৰ অংশ হিচাপে ৰাছিয়াৰ বাহিনীয়ে বিমানবন্দৰত আক্ৰমণ চলাই থকাৰ সময়ত AN-225 Mriya হোষ্টমেল বিমানবন্দৰত ৰখাই থোৱা আছিল।

২৭ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই ঘোষণা কৰে যে যুঁজত বিমানখন ধ্বংস হৈছে। চেটেলাইট ছবিয়ে পিছত AN-225 Mriya ধ্বংস হোৱাৰ প্ৰতিবেদন নিশ্চিত কৰে।

Leave a Comment