নিউজ ডেস্ক। এক আচৰ্য্যজনক কথা। সাধাৰণভাৱে দেখা কুকুৰৰ ৰঙতকৈ এক পৃথক ৰঙৰ কুকুৰৰ দৃশ্যমান হ’ল। হয়, উজ্জ্বল নীলা ৰঙৰ কুকুৰ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাছিয়াত।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2021/02/G2-6.jpg?resize=889%2C458&ssl=1)
পথৰ কুকুৰে সলাবলৈ লৈছে নিজৰ বৰণ। অৱশ্যে কােনাে প্ৰাকৃতিক কাৰণত নহয়, প্ৰদূষণৰ বাবে কুকুৰৰ বৰণ এনে হোৱা বুলিও অনুমান কৰা হৈছে। ৰাসায়নিক আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা গেছে কুকুৰৰ এই ৰং সৃষ্টি কৰিছে।
এনে বৰণৰ কুকুৰ দেখা গৈছে ৰাছিয়াৰ জেৰসিংস্কত। অঞ্চলটোৰ এটা পৰিত্যক্ত উদ্যোগৰ কাষৰ ঠাইৰ কুকুৰৰ বৰণ এনে হোৱা দেখা গৈছে। এই কথা স্থানীয় লোকৰ দ্বাৰা প্ৰশাসনে গম পোৱাৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষ সেই স্থানত উপস্থিত হয় আৰু এনে বৰণৰ কেইবাটাও কুকুৰ পৰ্যবেক্ষণৰ বাবে অনা হয়।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2021/02/22-1.jpg?resize=634%2C476&ssl=1)
তথ্য অনুসৰি, পৰিত্যক্ত উদ্যোগটোৰ নাম অৰ্গলেষ্টো ৰাসায়নিক প্ৰকল্প বুলি জানিব পৰা গৈছে। এই উদ্যোগটোত হাইড্ৰচাইনিক আৰু প্লেক্সীগ্লাচৰ দৰে ৰাসায়নিক দ্ৰব্য উৎপাদন কৰা হয়। কিন্তু বিত্তীয় সংকটৰ বাবে ৬ বছৰ ধৰি বন্ধ হৈ আছে উদ্যোগটো। আৰু এই পৰিত্যক্ত উদ্যোগটোত থাকি যোৱা ৰাসায়নিক আৱৰ্জনা সমূহৰ পৰিণতিত কুকুৰৰ বৰণ এনে হোৱা বুলি অভিযোগ কৰে স্থানীয় লোকে। ইয়াৰ বিপৰীতে উদ্যোগটোৰ প্ৰবন্ধকজনে এইয়া ভুৱা প্ৰচাৰ বুলিহে জানিবলৈ দিয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2021/02/223.jpg?resize=900%2C675&ssl=1)
অব্যৱহৃত কপাৰ চালফেটৰ বাবেও এনে হব পাৰে বুলি জনায় স্থানীয় আয়ুক্তই। পূৰ্বতেও কপাৰ চালফেটৰ বাবে কুকুৰে অস্বাভাৱিক আচৰণ কৰা দেখাৰ লগতে মৃত্যু হোৱাও দেখা গৈছিল বুলি জনায় তেওঁ।
বৰ্তমান এনে বৰণৰ কুকুৰ সমূহ ধৰি স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে পদক্ষেপ হাতত লৈছে বিভাগীয় কৰ্তৃপক্ষই।
লগতে চাওকঃ