ৰাজ্যত ক’ভিডত এদিনতে মৃত্যু ৬৩ জনৰ, তুলনামূলকভাৱে হ্ৰাস সংক্ৰমণৰ হাৰ

ৰাজ্যত ক’ভিডত এদিনতে মৃত্যু ৬৩ জনৰ, তুলনামূলকভাৱে হ্ৰাস সংক্ৰমণৰ হাৰ

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শেহতীয়াকৈ ৰাজ্যত প্ৰতিদিনে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে।

শুকুৰবাৰে পুনৰ ৭৬ জনৰ ক’ভিডত মৃত্যু হােৱাৰ পাছত পুনৰ শনিবাৰে মৃত্যু ঘটে ৬৩ জন লােকৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য।

তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৫,৩৪৭ জন। ইয়াৰে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১,১੦২ জন।

টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত সৰ্বমুঠ ৬৪,৭੦১ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

এই অনুসাৰে আক্ৰান্তৰ হাৰ ৮.২৬ শতাংশ। শুকুৰবাৰে এই হাৰ আছিল ৯.২৬ শতাংশ। এই অনুসৰি ৰাজ্যত সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে দিনটােত।