ৰাজ্যত ক’ভিড-১৯ত অৰ্দ্ধ শতাধিকৰ মৃত্যু, বাঢ়িছে আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে।

শনিবাৰে ৬৩ জন লােকৰ ক’ভিড-১৯ত মৃত্যু ঘটাৰ পাছত পুনৰ ৰবিবাৰে ৫৬ জন লােকৰ এই ৰােগৰ সংক্ৰমণত মৃত্যু ঘটে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই তথ্য।

তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৩,৬৫০ জন। ইয়াৰে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১,১৯৭ জন।

টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত সৰ্বমুঠ ৪২,৮৮৪ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

এই অনুসাৰে আক্ৰান্তৰ হাৰ ৮.৫১ শতাংশ। শনিবাৰে এই হাৰ আছিল ৮.২৬ শতাংশ। এই অনুসৰি ৰাজ্যত সংক্ৰমণৰ হাৰৰ বিশেষ তাৰতম্য পৰিলক্ষিত হােৱা নাই।

Leave a Comment