ৰাজ্যত ৫.৮৮ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৮১ জনৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শুকুৰবাৰৰ পৰা ১৫ দিনৰ বাবে নিষিদ্ধ কৰা হ’ল আন্তঃজিলা যাতায়াত।

ইতিপূৰ্বে চহৰ-নগৰাঞ্চলত বলৱৎ হৈছে দৈনিক ১৭ ঘন্টীয়া সান্ধ্য আইন।

এই ক্ষেত্ৰত জনসাধাৰণে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হৈছে ক’ভিড-১৯ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত।

শুকুৰবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ। এই হাৰ ৫.৮৮ শতাংশলৈ অৱনমিত হৈছে।

অৱশ্যে এতিয়াও ক’ভিডত দৈনিক মৃত্যুৰ সংখ্যা পূবৰ দৰেই আছে।

শুকুৰবাৰে দিনটােত ১,੦৩,১৫৮ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ মাজতে ৬,੦৬৬ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

নতুনকৈ চিনাক্ত হােৱা ক’ভিড-১৯ৰ ৰােগীৰ ক্ষেত্ৰত গুৱাহাটী মেট্ৰ’ জিলাত ৯੦৭, কাছাৰ জিলাত ৪৩৬, নগাঁও জিলাত ৪৩৩ আৰু কামৰূপ জিলাত ৪২੦ জন নতুনকৈ চিনাক্ত কৰা হয়।

দিনটােত ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত ৮১ জনৰ মৃত্যু হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে। ইয়াৰে সৰ্বাধিক ২৪ জনৰ মৃত্যু গুৱাহাটী মেট্ৰ’ জিলাত হয়।

ইয়াৰ উপৰি ডিব্ৰুগড়-শিৱসাগৰ জিলাত ৭ জনকৈ ক’ভিড ৰােগীৰ মৃত্যু ঘটে। যোৰহাট জিলাত ৫, দৰং-তিনিচুকীয়া জিলাত ৪ জনকৈ, গােলাঘাট-হােজাই-নলবাৰী জিলাত ৩ জনকৈ, বৰপেটা-কাছাৰ-কামৰূপ-লখিমপুৰ-শােণিতপুৰ-দক্ষিণ শালমাৰা মানকাচৰ জিলাত ২ জনকৈ আৰু বাক্সা-চিৰাং-ধুবুৰী-ডিমা হাচাও-গােৱালপাৰা-হাইলাকান্দি-কাৰ্বি আংলং-নগাঁও-ওদালগুৰি জিলাত ১ জনকৈ ক’ভিড-১৯ ৰােগীৰ মৃত্যু হয়।

ইপিনে, গুৱাহাটী মেট্ৰ’ জিলাত সংক্ৰমিত লােকৰ সংখ্যা পুনৰ ১ হাজাৰৰ তললৈ নামিল। দিনটােত ৯੦৭ লােক জিলাখনত ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

উল্লেখ্য যে ৰাজ্যজুৰি ৪,৯৮৭ জন ৰােগী ক’ভিডৰ পৰা সুস্থ হােৱাৰ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

Leave a Comment