ৰীল নহয়, ৰিয়েল লাইফত অটো চালকৰ ৰূপত বলিউডৰ ডাবাং খান, ভাইৰেল ভিডিঅ’

ৰীল নহয়, ৰিয়েল লাইফত অটো চালকৰ ৰূপত বলিউডৰ ডাবাং খান, ভাইৰেল ভিডিঅ’

January 2, 2022 0 By NEWS DESK

এজন সাধাৰণ চালকৰ দৰেই ব্যস্ত ৰাজপথত অটো ৰিক্সা চলোৱা দেখা গল বলিউডৰ চুপাৰষ্টাৰ চলমান খানক।

হয়, এয়া ৰীল নহয়, ৰিয়েল লাইফতে এনেদৰে অটো ৰিক্সা চলালে ডাবাং খানে। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

salman-Khan-header

উল্লেখ্য যে, বলিউডৰ অভিনেতাজনৰ ৫৬ সংখ্যক জন্মদিনৰ দুদিন পিছতে মুম্বাইৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ তেওঁৰ পালভেলৰ ফাৰ্ম হাউছলৈ যোৱাৰ পথত অভিনেতাজনক এই ৰূপত প্ৰত্যক্ষ কৰে তেওঁৰ অনুগামীসকলে।

চলমান খানে অটো ৰিক্সাখন চলাই থকাৰ সময়ৰ অটোৰ যাত্ৰীৰ আসনত বহি আছিল এগৰাকী মহিলা।

জনবহুল ৰাজপথত প্রিয় অভিনেতাগৰাকীক এনে ৰূপত দেখি হতবাক হৈ পৰে তেওঁৰ অনুগামীসকল।

cccx

কম সময়ৰ ভিতৰতে অঞ্চলটোত অভিনেতা জনৰ বহু অনুগামীয়ে ভিৰ কৰা দেখা যায়। আনহাতে আন বহু অনুগামীয়ে চলমানৰ অটোৰ পিছে পিছে অনুসৰণ কৰি প্রিয় অভিনেতাজনৰ ভিডিঅ’ প্ৰস্তুত কৰে।

তেনে এটা ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।