ৰেঞ্জাৰৰ পাছত এইবাৰ মণ্ডল! ঘােচ লৈ জালত পৰিল ভিজিলেঞ্চৰ

নিউজ ডেস্ক। সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে কাছাৰ জিলাৰ লক্ষীপুৰৰ বনাঞ্চলিক বিষয়াক ঘােচ লােৱাৰ মুহূৰ্তত খেদি খেদি আটক কৰাৰ পিছত পুনৰ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী লাটমণ্ডল।

এইবাৰ কামৰূপ জিলাৰ নগৰবেৰাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালত চলিল দুৰ্নীতি নিবাৰকৰ অভিযান।

এগৰাকী লােকৰ পৰা কাম কৰি দিয়াৰ বিনিময়ত উৎকােচ লৈ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথক আটক কৰে গুৱাহাটীৰ পৰা অহা ভিজিলেঞ্চৰ এটা অভিযানকাৰী দলে।

ইয়াৰ পিছতে লাট মণ্ডলজনক কাৰ্যালয়তে মাৰাথন জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটােৱে।

এই কথা টুইট কৰি প্ৰকাশ কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী জি পি সিঙে।

লগতে চাওকঃ

কাৰ্যালয়ত উৎকােচ লৈ ভিজিলেঞ্চৰ দলক দেখি পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে অভিযানকাৰী দলে