নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য। ৰে’ল আহি থকাৰ সময়ত ৰেল ক্রচিঙৰ সমুখত ৰৈ আছে এগৰাকী যুৱতী।
পেলাই থোৱা ৰে’ল গে’টৰ কাষতে ৰৈ আছে তেওঁ।
তেওঁৰ কাষতেই আছে এখন অটোৰিক্সা সহ আন বহুতো লোক।
যুৱতী গৰাকী যে অসহজ অৱস্থাত আছে, সেই কথা যেন বুজি পাইছিল অটোৰিক্সা চালকজনে। আৰু সেই চালকজনৰ তৎপৰতাত শেষ মূহুৰ্তত ৰক্ষা পৰিল যুৱতী গৰাকীৰ জীৱন। অৰ্থাৎ ৰেলৰ আগত পৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰা যুৱতী গৰাকীৰ প্ৰাণ ৰক্ষা কৰিলে চালকজনে।

এই দৃশ্য বন্দী কৰি আছিল অটোৰিক্সা খনত বহি থকা এজন যাত্ৰীয়ে।
বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
দৃশ্যটো মধ্য প্ৰদেশৰ কোনো এক অঞ্চলৰ বুলি জানিব পৰা যায়। যুৱতী গৰাকীৰ জীৱন ৰক্ষা কৰা চালকজনৰ উপস্থিত বুদ্ধি আৰু সাহসক বৰ্তমান প্ৰশংসা কৰিছে সকলোৱে।
ভাইৰেল হোৱা দৃশ্যটোত দেখা অনুসৰি, এক লেভেল ক্ৰচিঙৰ সন্মুখত মুখ ঢাকি ৰৈ আছে এগৰাকী যুৱতী।

হঠাৎ ৰেল অহাৰ শব্দ শুনি যুৱতী গৰাকীয়ে ৰেল গেটৰ তলেৰে পাৰ হৈ ৰেল লাইনৰ ওপৰত থিয় হয়। আনফালে সেই সময়ত দ্ৰুত গতিত আহি থকা ৰেলখন সেই স্থান পাব হয়।
যুৱতী গৰাকীয়ে আত্মহত্যাৰ বাবে যোৱা বুলি বুজিব পাৰি তেওঁৰ পিছে পিছে যায় সেই অটোৰিক্সা চালকজন।
नौकरी ना मिलने से परेशान युवती सुसाइड के इरादे से पटरी पर खड़ी हो गई. ट्रेन आती देख ऑटो ड्राइवर ने खींचकर बचाई जान. वीडियो हुआ वायरल. ऑटो चालक मोहसिन की सूझबूझ और दिलेरी को सलाम
— Ravish Pal Singh (@ReporterRavish) September 28, 2021
नोट: सुसाइड किसी समस्या का समाधान नहीं! pic.twitter.com/CZscsq1CX7
চালকজনে এক প্ৰকাৰ জোৰেৰে ৰেল লাইনৰ পৰা টানি আনে যুৱতী গৰাকীক। এজন লোকে চালকজনক যুৱতী গৰাকীক এৰি নিদি ভালকৈ ধৰিবলৈ চিঞৰে। সেই অনুসৰি চালকজনে নিৰাপদে ৰক্ষা কৰে যুৱতী গৰাকীৰ জীৱন।
উল্লেখ্য যে ভাইৰেল ভিডিঅ’টোত যুৱতী গৰাকীয়ে কান্দি কান্দি কোৱা শুনা যায় যে চাকৰি নোপোৱাৰ বাবেই হতাশাত ভুগি তেওঁ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল।
তেওঁ সংস্থাপনহীন হোৱাৰ বাবেই সেই কাৰ্য কৰিবলৈ বিচাৰে। কিন্তু অটোৰিক্সা চালকজনে তেওঁক দান কৰে নতুন জীৱন।