ৰে’ল যাত্ৰাৰ সময়তে প্ৰসৱ বেদনা আৰম্ভ হ’ল এগৰাকী প্ৰসূতিৰ, ডবাৰ ভিতৰতে সন্তান প্ৰসৱ কৰালে মেডিকেলৰ ছাত্ৰীয়ে…

নিউজ ডেস্কঃ ৰে’ল যাত্ৰাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত চলন্ত ৰে’লত সন্তান প্ৰসৱ কৰালে একেটা ডবাতে সেই সময়ত যাত্ৰা কৰি থকা এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে। তেলেংগানাৰ এই ঘটনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। মহিলাগৰাকীক সন্তান প্ৰসৱত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীকো প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

দৰাচলতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাই ছেকেণ্ডৰাবাদ ডুৰণ্ট’ এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰিছিল। ৰে’লখন অনকাপল্লী ষ্টেছনত উপস্থিত হোৱাৰ সময়তে হঠাৎ ৰে’লৰ ভিতৰতে প্ৰসৱ বেদনা আৰম্ভ হয় মহিলাগৰাকীৰ।

চলন্ত ৰে’লৰ ভিতৰত এনেদৰে প্ৰসৱ বেদনা অনুভৱ হোৱাত উদ্বিগ্ন হৈ পৰে মহিলাগৰাকীৰ সৈতে সেই সময়ত যাত্ৰা কৰা অভিভাৱক। কিন্তু একেটা ডবাতে সেই সময়ত যাত্ৰা কৰা চূড়ান্ত বৰ্ষৰ এগৰাকী মেডিকেলৰ ছাত্ৰী আগবাঢ়ি আহি প্ৰসূতি গৰাকীক প্ৰসৱত সহায় কৰে।

যাৰ ফলত চলন্ত ৰে’লৰ ভিতৰতে এটি সুস্থ সবল সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। বৰ্তমান মহিলাগৰাকী আৰু শিশুটি দুয়োজনেই সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।

ৰে’লৰ ভিতৰত এনদেৰে এগৰাকী প্ৰসূতি মহিলাক সন্তান জন্ম দিয়াত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। সামাজিক মাধ্যমত এই ঘটনা চৰ্চালৈ অহাৰ পিছতে ছাত্ৰীগৰাকীক প্ৰশংসা কৰিছে নেট ব্যৱহাৰকাৰীয়ে।