শোকাবহ! স্কুটী চলাই ক্লিনিকলৈ গৈ থকা সময়তে দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ গ’ল মহিলা চিকিৎসকক, মৃত্যু

নিউজ ডেস্কঃ স্কুটী চলাই ক্লিনিকলৈ গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ যায় এগৰাকী মহিলা চিকিৎসক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় চিকিৎসকগৰাকী।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ পিম্পৰিত। মঙলবাৰে দুপৰীয়া মহিলা চিকিৎসগৰাকীয়ে ঘৰত আহাৰ গ্ৰহণ কৰি নিজৰ ক্লিনিকলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

নিহত চিকিৎসকগৰাকীক কেৰালাৰ কাঝিকোডৰ নিৱাসী ডা০ জইছা ত(২৭) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, পুুনেৰ কৰ্মসূত্ৰে বাস কৰিছিল চিকিৎসকগৰাকীয়ে।

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ট্ৰাক চালকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত চিকিৎসকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত প্ৰথমে পুনেৰ তেওঁৰ বাসগৃহলৈ নিয়া হয়। তাৰ পিছতে নশ্বৰ দেহ কেৰালাৰ কাঝিকোডৰ ঘৰলৈ লৈ যোৱা হয়।

জানিব পৰা মতে, বুধবাৰে কাঝিকোডতে শেষকৃত্য সম্পন্ন কৰা হ’ব দুৰ্ঘটনাত প্ৰাণ হেৰুওকা মহিলা চিকিৎসকগৰাকীৰ।