অসমৰ মাটিত জন্মলাভ কৰা পাকিস্তানৰ কিংবদন্তী গায়িকা নায়াৰা নূৰৰ দেহাৱসান

নিউজ ডেস্কঃ অসমৰ মাটিত উপজি এসময়ত পাকিস্তানৰ প্ৰসিদ্ধ গায়িকা হৈ পৰা ‘বুলবুল-এ-পাকিস্তান’ নায়াৰা নূৰ আৰু নাই। ৭১ বছৰ বয়সত দেওবাৰে দেশ-বিদেশৰ অলেখ অনুৰাগীক কন্দুৱাই শেষ বিদায় লয় কিংবদন্তী পাকিস্তানী কণ্ঠশিল্পীগৰাকীয়ে।

উল্লেখ্য যে, ১৯৫০ চনৰ ৩ নৱেম্বৰত অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল নায়াৰা নূৰে। ব্যৱসায়িক কাৰণত অমৃতসৰৰ পৰা আহি অসমত থাকিবলৈ লোৱা নায়াৰাৰ পিতৃ আছিল ইণ্ডিয়ান মুছলিম লীগৰো এগৰাকী সক্ৰিয় সদস্য। ভাৰত-পাকিস্তান বিভাজনৰ পূৰ্বে ইছলামিক নেতা মহম্মদ আলী জিন্নাৰ অসম ভ্ৰমণৰ সময়তো সংগ দিছিল নায়াৰ নূৰৰ পিতৃয়ে।

অন্যহাতে ভাৰত বিভাজিত হৈ পাকিস্তান গঠনৰ পিছত ১৯৫৮ চনত ৮ বছৰ বয়সতে মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে পাকিস্তানলৈ গুচি যায় নায়াৰা নূৰ। অৱশ্যে সেই সময়ত মাটি-বাৰী নিষ্পত্তিৰ বাবে ১৯৯৩ চনলকৈ অসমতে আছিল তেওঁৰ পিতৃ।

ইফালে সৰুৰে পৰাই সংগীতৰ প্ৰতি আকৃষ্ট নায়াৰা নূৰে ১৯৬৮ চনত লাহোৰৰ নেচনেল কলেজ অব্ আৰ্টছত বার্ষিক কাৰ্যসূচীত প্ৰথম সংগীত পৰিৱেশন কৰে। তাৰ পিছতে লাহে লাহে তেওঁ সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰে।

পৰৱৰ্তী সময়ত নায়াৰাই পাকিস্তানৰ ৰেডিঅ’ত সংগীত পৰিৱেশৰ সুযোগ লাভ কৰাৰ লগতে ১৯৭১ চনত পাকিস্তানী টেলিভিছন ছিৰিয়েলত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰে। পৰ্যায়ক্ৰমে তেওঁ ‘ঘৰানা’, ‘তানসেন’ আদি ছবিৰ গীততো কণ্ঠ নিগৰোৱাৰ সুযোগ লাভ কৰে।

‘ঘৰানা’ ছবিত গীত পৰিবেশন কৰাৰ বাবে শ্রেষ্ঠ মহিলা প্লেবেক সংগীত শিল্পী হিচাপে ‘নাইগৰ’ বঁটা লাভ কৰে নায়াৰা নূৰে। ইয়াৰ উপৰি তেওঁ পাকিস্তানৰ লগতে ভাৰতৰ বিভিন্ন অনুষ্ঠানত গজল, ভজন পৰিবেশনেৰে সৰ্বপৰিচিতি লাভ কৰে কণ্ঠশিল্পীগৰাকীয়ে।

তেওঁৰ সুমধুৰ কণ্ঠ আৰু অনন্য সংগীত যাত্ৰাৰ বাবেই ২০০৬ চনত তেওঁক ‘বুলবুল-এ-পাকিস্তান’ খিতাপেৰে সন্মানিত কৰা হয়। ‘ৰং বছাত নে ভৰে কুছ ত’, ‘ফিৰ ছাৱন ৰুথ কি পৱন চলি তুম য়াদ আয়ে’, ‘আয়ে ইস্ক হমে বৰবাদ না কৰ’, ‘বৰষা বৰচে চত পৰ’, ‘মে তেৰে স্বপ্নে দেখো’ আদি জনপ্ৰিয় গজলেৰে পাকিস্তানৰ লগতে সমগ্ৰ দক্ষিণ এছিয়াতে এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী হিচাপে তেওঁ সমাদৃত হয়।

অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে ২০১২ চনৰ পৰা সংগীত পৰিৱেশনৰ পৰা অব্যাহতি লৈ পৰিয়ালৰ সৈতে সময় পাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু বিগত কিছুদিন ধৰি তীব্ৰ জ্বৰত আক্ৰান্ত হৈ থাকি দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে।

নায়াৰা নূৰৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে পাকিস্তানৰ লগতে ভাৰতত থকা তেওঁৰ অসংখ্য অনুৰাগীক। পাকিস্তানৰ প্ৰধানমন্ত্রী শাহবাজ শ্বৰীফেও কণ্ঠশিল্পীগৰাকীৰ বিয়োগত শোক প্ৰদাশ কৰি লিখে, ‘নায়াৰা নূৰৰ মৃত্যু বিশ্বৰ সংগীত জগতত এক বৃহৎ ক্ষতি। সেই অভাৱ কেতিয়াও পূৰণ নহয়।’